পৃষ্ঠা:অনিমা গুহ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমি এৰি যাম আমাৰ উত্তৰপুৰুষসকলৰ বাবে।

 আমাৰ চকুৰ আগতে সমাজখনক বৰ জটিল হৈ থকা দেখি আছো। কাণ্ডাৰীবিহীন নাৱৰ দৰে উটি-ভাহি গৈ থকা যেন লাগিছে ৰাজ্যখন। আশাকৰো এনে অৱস্থাৰ অৱসান ঘটিব অচিৰেই। নে ৰসাতললৈহে যাব। এনেবোৰ আবোল-তাবোল চিন্তাই মগজুত খুন্দা মাৰি থাকে।


তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত

 হিংসাত উন্মত্ত পৃথিৱীখনৰ পৰা ওলাই তিমি মাছ বিচাৰি আটলাণ্টিকৰ উত্তাল ঢৌৰ সৈতে নাচি নাচি ঘূৰি ফুৰা দিনটোৰ স্মৃতি ৰোমন্থন কৰা যাওক। চনটো আছিল ১৯৯৬। সৰুটো নাতি অনুভৱৰ জন্ম উপলক্ষে নিউয়ৰ্কলৈ গৈছিলো সেই চনত।

 আমেৰিকাৰ উত্তৰ-পূব সীমাত ওপৰফাললৈ পকোৱা কুকুৰৰ নেজডালৰ আকৃতিৰ এডোখৰ ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ মাজলৈ সোমাই গৈছে। এই ভূখণ্ডৰ নাম কেপ কড্ বা কড্ অন্তৰীপ। নামটো শুনাৰ লগে লগে মনত পৰিছিল বাল্যকাললৈ। ভিটামিন-ডি সমৃদ্ধ দুৰ্গন্ধ কডলিভাৰ তেল আমি নাকত টিপা মাৰি খাইছিলো স্বাস্থ্য সচেতন দেউতাৰ নিৰ্দেশত! আজিকালি কাকো এইবিধ অখাদ্য বস্তু খোৱা নেদেখো।

 অন্তৰীপটোৰ আগীয়াঠুঁটিত চেথাম নামৰ সৰু চহৰ এখনৰ পৰ্যটকলৈ ভাড়া দিয়া ঘৰ এটাত দুৰাতি আছিলো। বোৱাৰী মনীষাৰ সহকৰ্মী এগৰাকীৰ শহুৰ শাহু ঢুকোৱাৰ পাছত বস্তু-বাহানিৰে সৈতে ঘৰটো পৰ্যটকক ভাড়া দিছিল। সুসজ্জিত ঘৰটোৰ প্ৰতিটো বস্তুতে মৃত দম্পতীৰ প্ৰাণৰ পৰশ বিচাৰি পাইছিলো। চকী-মেজ, টিভি, ভিচিপি- ভিচিআৰ, ৱাশ্বিং মেচিন, মাইক্ৰৱেভ, ৰান্ধনি ঘৰৰ বয়-বস্তু, শোৱনি কোঠাৰ সা-সামগ্ৰী সকলো একেদৰে আছে। নাই কেৱল গৃহস্থ-গৃহিণী। ড্ৰেছিং টেবুলৰ ওপৰত ধুনীয়া টেমা এটাত দেখিলো গৃহিণীয়ে ব্যৱহাৰ কৰা বিধে বিধে গহনা। আন এটা ফালে আটোমটোকাৰিকৈ থৈছে ফণি, ব্ৰাছ, প্ৰসাধন সামগ্ৰী। এইবোৰ দেখি হঠাতে মই জীৱন সম্পৰ্কে উদাসীন হৈ পৰিছিলো। মানুহ পৃথিৱীলৈ আহে কেইটামান দিনৰ বাবে, তাৰ বাবে প্ৰয়োজন কিমান বস্তুৰ! মাটি-বাৰী-সম্পত্তি আদিৰ বাবে কাজিয়া-পেচাল, কোৰ্ট-কাছাৰী, মৰা-মৰি কি নহয়। যৌতুকৰ বাবে কৰে বোৱাৰী হত্যা। চকু মুদিলেই সকলো পৰি থাকে। মোৰ মনত পৰিছিল আমাৰ শশী আতালৈ। পাৰ্থিৱ বস্তুৰ প্ৰতি নিষ্পৃহ মানুহজনৰ একমাত্ৰ সংগী আছিল এটা দোতাৰা। তাকে বজাই

বাকীছোৱা জীৱন /১৬৭