পৃষ্ঠা:অনিমা গুহ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বঙাইগাঁও, বৰপেটা আৰু গুৱাহাটীৰ তিনিখন গুৰুত্বপূৰ্ণ ঠাইত নৰহত্যাৰ যি মৰ্মান্তিক ঘটনা সংঘটিত কৰিলে সেই কথা ভাবিলে মানুহৰ ওপৰত আস্থা হেৰুৱাওঁ। ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ৰাজনৈতিক সন্ত্ৰাসো অসমবাসীৰ অভিশাপ স্বৰূপ।

 নিজকে বিপ্লৱী বুলি দাবী কৰিলেও অধিকাংশ দল সন্ত্ৰাসবাদীহে। প্ৰকৃত বিপ্লৱীসকলে এনে এটা সামাজিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খোজে য'ত সৰ্বহাৰাৰ আধিপত্যই স্বীকৃতি পায়। যুক্তিবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মাই কৈছে আমাৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ কোনোবাই বিচাৰিছে স্বাধীন ৰাষ্ট্ৰ, কোনোবাই স্বায়ত্তশাসন। সমাজ পৰিৱৰ্তন বিচৰা নাই কোনেও। বিপ্লৱত কিছু ৰক্তপাত হ’বই, কিন্তু নিৰীহৰ নহয়, হ’ব লাগে শোষক-শাসকৰ।

 সন্ত্ৰাসবাদৰ সমস্যা কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, ই বৰ্তমান বিশ্বত এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। প্ৰকৃততে ই বিশ্বৰ সমাজ ব্যৱস্থাৰ এটা জটিল অৱস্থা। অসমকে লৈ উত্তৰ-পূৰ্বাঞ্চলত জংগী সমস্যাৰ ঘাই কাৰণ অনগ্ৰসৰতা আৰু অনুন্নয়ন। সাধাৰণ মানুহৰ চাহিদা বেছি নহয়, তেওঁলোকে বিচাৰে এটা নিৰাপদ জীৱন আৰু জীৱিকা। পিছে ন্যূনতম সা-সুবিধা কোনো মানুহে পোৱা নাই। সংস্থাপনহীনতা, অৰ্থনৈতিক সমস্যা, শিক্ষাহীনতা, স্বাস্থ্যজনিত সমস্যা আদি একাধিক সমস্যাই যুৱকসকলৰ মনত হতাশাৰ সৃষ্টি কৰে। হতাশাই গঠন কৰে উগ্ৰবাদী দল আৰু ইয়েই এটা সময়ত সন্ত্ৰাসবাদৰ ৰূপ লৈ সমাজ ব্যৱস্থাত আঘাত হানে।

 যিহেতু বঞ্চনাই উগ্ৰবাদী সমস্যাৰ ঘাই কাৰণ, সেই হেতুকে সমস্যাসমূহৰ মোকাবিলা কৰি শান্তি স্থাপন কৰিবলৈ হ'লে অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপনৰ ওপৰত জোৰ দিব লাগিব। দৰাচলতে উন্নয়নৰ বিকল্প নাই। কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ'লে, বাট-পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হ’লে, শিক্ষা, স্বাস্থ্যৰক্ষাৰ সুব্যৱস্থা হ’লে আপোনা আপুনি শান্তি উভতি আহিব।

 মাজে মাজে আমাৰ শান্তিপূৰ্ণ জীৱনৰ পুৰণি স্মৃতিয়ে মনত ভুমুকি মাৰে। হয়, আমি বিধ্বংসী দ্বিতীয় বিশ্বযুদ্ধ দেখিছো, কিন্তু সন্ত্ৰাসবাদ দেখা নাছিলো। বিভিন্ন জনগোষ্ঠীৰ মাজত অনৈক্য দেখা নাই। আজি কোনেও কাকো যেন সহিব নোৱৰা হৈছো। আজি ঘৰৰ পৰা ওলাবলৈ কিয় ভয় লগা হ'ল। কিয় আজি হত্যাকাৰীৰ ৰাজত্ব চলিছে দেশত। কিয় আজি নাৰী নিৰ্যাতন, বোৱাৰী হত্যা, ভ্ৰূণ হত্যা, শিশু কন্যা হত্যা, ডাইনী হত্যা আদি নানা ধৰণৰ হত্যাই কলুষিত কৰিছে সমাজখনক। আমাৰ জীৱনকালত বোধকৰো পৃথিৱীত শান্তি স্থাপন নহয়। দুখ লাগে এইখন বিশ্ব

বাকীছোৱা জীৱন /১৬৫