পৃষ্ঠা:অনিমা গুহ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্যাগ কৰি এওঁলোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈ তাৰ পৰাই দিছিল বিপ্লৱৰ নেতৃত্ব, বিশেষকৈ বাংলাদেশৰ পৰা।

 ইতিমধ্যে শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত প্ৰতিষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক দৃশ্যপটত পৰিবৰ্তন আহিল। আলফাৰ শীৰ্ষ নেতা কেইগৰাকীমানক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ হাতত তুলি দিয়াৰ পাছৰ পৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাত পৰিবৰ্তন আহিবলৈ ধৰে। বহুদিনৰ মূৰত নিজ ৰাজ্যলৈ আহি তেওঁলোকে হয়তো উপলব্ধি কৰিছে যে নিজ দেশৰ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন অসম পোৱাটো সম্ভৱ নহয়। তদুপৰি আলফাৰ এই গোটটোৱে উপলব্ধি কৰিছে যে তিনিটা দশক জুৰি হত্যা-হিংসাত লাগি থকাৰ ফলত অসংখ্য নিৰীহৰ তেজেৰে ৰাঙলী হৈছে অসমৰ মাটি, কিন্তু সেই মাটিত উদয় হোৱা নাই স্বাধীনতাৰ সূৰ্য। অনুশোচনা কৰি ব্যক্ত কৰিছে যে সশস্ত্ৰ সংগ্ৰামেৰে নহয় গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধানতহে তেওঁলোক আগ্ৰহী। অসমৰ অধিকাংশ শান্তিপ্ৰিয় ৰাইজে এনে এটা সমাধানেই বিচাৰে।

 পিছে শান্তিৰ পথ ইমান সহজ নহয়। আলফাৰ আন এটা গোটৰ যুদ্ধংদেহি মনোবৃত্তি। অসমক স্বাধীন কৰিহে এৰিব তেওঁলোকে। স্বাধীন অসমৰ চাৰিসীমা কি, এই প্ৰশ্ন কৰি কৰি হাইৰান হ’লো। উত্তৰ নাপালো। বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে সেই স্বাধীন অসমত যোগ দিব নে? একাংশ বড়োই বিচাৰিছে স্বাধীন বড়ো ৰাজ্য, কোচ ৰাজবংশীয়ে বিচাৰে কমতাপুৰ, অন্যান্য সকলৰো বেলেগ বেলেগ দাবী। বৰাক উপত্যকা সেই স্বাধীন অসমত চামিল নহয় নিশ্চয়। গতিকে স্বাধীন অসমৰ চাৰিসীমা কি হ’ব তেওঁলোকে ৰাইজক অৱগত কৰা উচিত।

 আন এটা বিষয়ে মোক অনবৰতে আমনি কৰে। আলোচনাপন্থী দলটোৱে গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধান বিচাৰিছে। এই প্ৰস্তাৱে আশাৰ বতৰা কঢ়িয়াই আনিলেও সন্দেহ বাতিক মনটোত আন এটা কথাই খুন্দা মাৰে। ঐতিহাসিক অসম চুক্তিৰ পুনৰাবৃত্তি নহয়তো? বিদেশী বহিষ্কাৰ কৰি সোণৰ অসম গঢ়িব খোজা দলটোৱে অসমীয়া জাতিটোক চৰম প্ৰৱঞ্চনা কৰাৰ কথা ৰাইজে পাহৰা নাই। ধৰি ল'লো আলফা সমস্যাৰ সফল সমাধান হোৱাৰ পাছত অসমত ৰামৰাজ্য প্ৰতিষ্ঠাৰ ইংগিত পোৱা গ'ল। সেইক্ষেত্ৰত সঁচাকৈয়ে শান্তি প্ৰতিষ্ঠা হ’ব নে? এন ডি এফ বি, কে পি এল টি, কে এল অ’, ইউ পি ডি এফ, ডি এইচ ডি, আলনা ইত্যাদি দলবোৰে কি কয়? এন ডি এফ বিৰ তাণ্ডৱৰ কথা মানুহে পাহৰিব নোৱাৰে কোনদিনে। ২০০৮ চনৰ ৩০ অক্টোবৰত একেদিনাই অলপ সময়ৰ ব্যৱধানত দলটোৱে কোকৰাঝাৰ,

১৬৪/ বাকীছোৱা জীৱন