পৃষ্ঠা:অনিমা গুহ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰে আৰু অকালতে এদিন তেওঁৰ জীৱনদীপ নিৰ্বাপিত হয়।

 উত্তম কুমাৰৰ মৃত্যুৰ সময়ত আমি কলকাতাত আছিলো। তেওঁৰ নশ্বৰ দেহ শ্মশানলৈ আনোতে বাটত সৃষ্টি হৈছিল জনসমুদ্ৰৰ। ঠেলাঠেলিত আহত হৈছিল অনেকে। মৃতদেহটো লৈ টনা-আঁজোৰা হৈছিল দুগৰাকী মহিলাৰ মাজত— এগৰাকী তেওঁৰ বিবাহিতা পত্নী, যাৰ লগত শেষ জীৱনত তেওঁ বাস কৰা নাছিল আৰু আনগৰাকীৰ লগত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভিত্তিত একেলগে থাকিছিল। বিবাহিতা পত্নী আৰু পুত্ৰই মৃতদেহটো অৱশেষত লাভ কৰে। জীৱন্ত অৱস্থাত যেয়ে পত্নীক ত্যাগ কৰি আনৰ লগত বাস কৰিছিল তেনে স্বামীৰ মৃতদেহটো অধিকাৰ কৰি মহিলাৰ যে কি লাভ হ'ল!

আলফা : আমি কলকাতাত থাকোতে জানিব পাৰিছিলো যে ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে স্বাধীন অসম গঢ়িবৰ উদ্দেশ্যেৰে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত কেইজনমান স্বপ্নদ্ৰষ্টা যুৱকে প্ৰতিষ্ঠা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম বা United Liberation Front of Assam ( ULFA) নামৰ এটা সংগঠন। স্বাধীন অসমৰ ধাৰণাটো মোৰ অবাস্তৱ যেন লাগিছিল যদিও যুৱকসকলে কৰা কিছু সংস্কাৰমুখী কাম-কাজৰ প্ৰশংসা নকৰাকৈ থকা নাছিলো। ৰাইজৰ সমৰ্থন পাই থকা বুলিও শুনিছিলো। অৱশেষত সশস্ত্ৰ বিপ্লৱৰ নামত সংগঠনটোৱে ৰাজ্যজুৰি সন্ত্ৰাস চলাই যোৱাত ধীৰে ধীৰে যে জনবিচ্ছিন্ন হৈ পৰে সেই কথা সকলোৰে জ্ঞাত। আলফাৰ জন্মৰ এঘাৰ/বাৰ বছৰ পাছত আমি গুৱাহাটীলৈ স্থায়ীভাৱে আহিছো। অসমৰ ইতিহাসৰ সেই ৰক্তাক্ত অধ্যায়টো চকুৰ আগতে ৰচিত হোৱা দেখিলো। ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজিৰ ফুলকুমলীয়া অবোধ দহটি শিশুৰ অমানৱীয় হত্যাকাণ্ড

সেই অধ্যায়ৰ এখিলা ঘোৰ কৃষ্ণবৰ্ণ পৃষ্ঠা। একেটা অধ্যায়ৰ পাতে পাতে খাজি থোৱা আছে ৰুছ অভিযন্তা গ্ৰেট চাংকো চাৰ্গেই, অধ্যাপক অনিল বৰুৱা, জননেতা নগেন নেওগ, সাংবাদিক কমলা শইকীয়া, মানৱসেৱী সঞ্জয় ঘোষকে ধৰি ছহেজাৰমান নিৰীহ ব্যক্তিৰ নাম। এওঁলোকৰ উপৰি সেইবোৰ পৃষ্ঠাত বিলীন হৈ আছে মৃত সামৰিক জোৱান আৰু নিৰাপত্তাৰক্ষীসকল। উগ্ৰবাদীসকলক দমন কৰাৰ নামত সৃষ্টি হ’ল ৰাষ্ট্ৰ সন্ত্ৰাসৰ। দুয়োটা সন্ত্ৰাসে মানুহৰ মাজত নমাই আনিলে বিভীষিকা। আলফাৰ বিৰুদ্ধে চৰকাৰে চলোৱা বিভিন্ন অপাৰেচনত অসংখ্য কেডাৰৰে সৈতে নিহত হৈছিল কেইবাগৰাকী শীৰ্ষনেতা। ভাৰত চৰকাৰে সংগঠনটো নিষিদ্ধ কৰাৰ পাছত নিজ ৰাজ্য

বাকীছোৱা জীৱন /১৬৩