পৃষ্ঠা:অনিমা গুহ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ৰাখিব একাংশ মহামানৱে। মাজে-সময়ে মই ভাবো যিসকল নৰপিশাচে মানুহ কাটি-মাৰি হাতবোৰ তেজেৰে ৰাঙলী কৰিছে তেওঁলোকে বাৰু সেইখন হাত চাবোনেৰে ধোৱাৰ পাছতো তেজ লাগি থকা যেন নাপায়নে?

 এই প্ৰসংগতে বহুবছৰ আগতে কলকাতাত লগ পোৱা পুলিচৰ এগৰাকী উচ্চ পদস্থ বিষয়ালৈ মনত পৰিল। নক্সাল আন্দোলন দমন কৰিবৰ উদ্দেশ্যে অনেক তৰুণৰ জীৱন নিমিষতে নিৰ্বাপিত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল। ছাত্ৰাৱস্থাত মেধাৱী ল’ৰা হিচাপে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী বিভাগৰ উচ্চ পদত নিযুক্তি পায় বিষয়াজনে। নক্সাল পৰ্বৰ পাছত তেওঁৰ সামান্যভাৱে হ'লেও মানসিক বিপৰ্যয় যে ঘটিছিল তাৰ উমান পাইছিলো তেওঁৰ লগত প্ৰথম দৰ্শনৰ সময়তে। প্ৰেছিডেন্সি কলেজত তেওঁ গৃহস্থৰ সহপাঠী আছিল। আমি পুনেৰ পৰা কলকাতালৈ অহাৰ পাছত এদিন তেওঁ গৃহস্থক লগ পাবলৈ আমাৰ ঘৰলৈ আহিছিল। মাজে মাজে জেপৰ পৰা হাত দুখন উলিয়াই তেওঁক কোৱা শুনিছিলো— ‘ক্ষমা কৰা ভগৱান, এই হাত দুখনক ক্ষমা কৰা। ক্ষমা কৰা প্ৰভু। এই চাকৰিৰ বাবে মইতো উপযুক্ত নাছিলো...।’

 শুনিছিলো কলকাতাৰ ময়দানত হেনো নক্সাল দমনৰ নামত ডেকা ল’ৰাবোৰক শাৰীপাতি থিয় কৰাই এটা সময়ত দৌৰিবলৈ দি পাছফালৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। নক্সাল আন্দোলনৰ লগত সম্পৰ্কহীন ল’ৰাও আছিল এওঁলোকৰ মাজত। শিপাৰে সৈতে আন্দোলনটো উঘালিবৰ উদ্দেশ্যে তৰুণ প্ৰজাতিটোক এইদৰে নিশ্চিহ্ন কৰাৰ আঁচনি যুগুতাইছিল কৰ্তৃপক্ষই। এনে ঘৃণনীয় কাম সমাপ্ত কৰিছিল পৃথিৱী সাৰ পোৱাৰ আগতে কাহিলি পুৱাত।

 আমি পুনেত থাকোতে তাত বাস কৰা কলকাতাৰ পৰিয়ালবোৰৰ মুখে শুনিছিলো তেওঁলোকৰ আতংকৰ কথা। এনে অৱস্থা হৈছিল যে ল’ৰা মানেই যেন নক্সাল। অনেকে হেনো পুতেকহঁতক কলকাতাৰ বাহিৰৰ আত্মীয়-স্বজনৰ ঘৰলৈ পঠাই দিছিল। শুনিছিলো চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা উত্তম কুমাৰে ময়দানত এদিন প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি শাৰী পাতি থিয় দি থকা ল’ৰাবোৰক দেখা পাই আচৰিত হৈছিল। একশ্যন আৰম্ভ হোৱাৰ আগত উত্তম কুমাৰক দেখা পাই ‘ঘাতক’সকলে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। কিছুমানৰ মতে উত্তম কুমাৰে ঘটনাটো দেখিছে। শিল্পী মানুহ, অন্তৰখন কোমল। ঘটনাটো দেখিয়ে হওক বা শুনিয়ে হওক সহ্য কৰিব নোৱাৰি অসুস্থবোধ কৰিছিল তেওঁ। তাৰ পাছৰে পৰা তেওঁৰ হৃদপিণ্ড দুৰ্বল হ’বলৈ

১৬২/বাকীছোৱা জীৱন