পৃষ্ঠা:অনিমা গুহ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰ্ত্যভূমিত এডোখৰ স্বৰ্গ : ২০০০ চনৰ ডিচেম্বৰত হোজাইৰ জাকাৰিয়া যুৱ সংঘই পতা এখন আলোচনাচক্ৰত যোগ দিবলৈ গৈ স্থানীয় এছ অ’ এছ গাঁওখনৰ অতিথিশালাত দুৰাতি আছিলো। যুগ যুগ ধৰি বানপানী, ভূমিকম্প, যুদ্ধ-বিগ্ৰহ, দুৰ্ভিক্ষ, মহামাৰী, হিংসাত্মক সংঘৰ্ষ আদি বিপৰ্যয়ৰ সন্মুখীন হৈছে পৃথিৱীৰ অজস্ৰ মানুহ। এনেবোৰ মহাবিপদত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল। এওঁলোকৰ মাজত ভাগ্যৱানসকলে অনাথ আশ্ৰম নাইবা শিশুভৱনত স্থান পায়। সৰহভাগে বাটে-পথে ঘূৰি ভিক্ষাৰী হয় নাইবা সমাজবিৰোধী কামত লিপ্ত হয় নাইবা মৃত্যুমুখত পৰে। অনাথ আশ্ৰম আৰু শিশু ভৱনতকৈও এক উন্নত পৰ্যায়ৰ সেৱা আগবঢ়াইছে ডাঃ হেৰমান গ্মিনাৰে (১৯১৯-১৯৮৬) ‘এছ অ’ এছ ভিলেজ' নামৰ প্ৰকল্পৰ মাধ্যমেৰে।

 দ্বিতীয় বিশ্বযুদ্ধৰ (১৯৩৯-১৯৪৫) প্ৰলয়ংকৰী দিনবোৰৰ পাছত ডেকা চিকিৎসক ডাঃ গ্মিনাৰে অষ্ট্ৰিয়া ৰাজ্যৰ ভিয়েনা চহৰৰ বাটে-পথে শ শ অনাথ আৰু পৰিত্যক্ত শিশুক দেখি আবেগিক হৈ পৰে। এদিন বাটৰ কাষত ডাষ্টবিন এটাত পৰিত্যক্ত শিশু এটিৰ কান্দোন শুনি ডাঃ গ্মিনাৰৰ ধাৰণা হ’ল শিশুটিয়ে যেন ‘Save my soul' বুলি তেওঁক মিনতি জনাইছে। তাক তুলি আনি তেওঁ অনাথ আশ্ৰম নহয় বিকল্প মাতৃ হিচাপে এগৰাকী নাৰ্ছক শিশুটিৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। শিশু এটি স্বাভাৱিকভাৱে ডাঙৰ হ’বলৈ প্ৰয়োজন ঘৰুৱা পৰিবেশৰ। যুদ্ধত ক্ষতিগ্ৰস্ত কেইবাটি শিশুক ডাঃ গ্মিনাৰে বন্ধু-বান্ধৱৰ সহযোগিতাত ঘৰুৱা পৰিবেশত লালন-পালন কৰিছিল।

 এইদৰেই সূত্ৰপাত হ’ল এছ অ’ এছ (Save our soul) আন্দোলন, যাৰ প্ৰতিষ্ঠাতা ডাঃ গ্মিনাৰ। ১৯৬৪ চনত ইন্দিৰা গান্ধীৰ আগ্ৰহত হাৰিয়ানাত ভাৰতৰ প্ৰথমখন এছ অ’ এছ গাঁও স্থাপিত হয়। যোৱা শতিকাৰ আশীৰ দশকত অসমত গোষ্ঠীগত সংঘৰ্ষৰ ফলত বহু ল’ৰা-ছোৱালী অনাথ আৰু গৃহহাৰা হৈছিল। এই অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱাত ৰাজ্য চৰকাৰে এছ অ’ এছ প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাবোধ কৰে। ফলস্বৰূপে মঙলদৈৰ সমীপৱৰ্তী ভকতপাৰাত ১৯৮৪ চনৰ ফেব্ৰুৱাৰীত প্ৰথমখন গাঁও স্থাপিত হয়। সেই বছৰেই মাৰ্চত দ্বিতীয়খনৰ দ্বাৰোদ্‌ঘাটন হয় হোজাইত। ১৯৮৩ চনত কুখ্যাত নেলী আৰু অবিভক্ত দৰঙৰ ধুলা, চাউলখোৱা, খাৰুপেটীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত নৰকৰ দুৱাৰখন মেলি দিয়া হৈছিল। মুহূৰ্ততে অনাথ তথা গৃহহীন হোৱা পাঁচশ ল’ৰা-ছোৱালীয়ে এই দুখন এছ অ’ এছ গাঁৱত নতুন ঘৰ আৰু নতুন মাতৃৰ সন্ধান পাইছে।

 আমি যাওঁতে হোজাই এছ অ’ এছ গাঁৱৰ সহকাৰী সঞ্চালক আছিল জনাব নুৰুল

১৬০/ বাকীছোৱা জীৱন