পৃষ্ঠা:অনিমা গুহ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দূৰদৰ্শী আৰু সাহসী সাহিত্যিক নিৰুপমা বৰগোহাঞি। গড্ডালিকা প্ৰৱাহত উটি নগৈ তেওঁ নিজৰ বিশ্বাসত অলৰ-অচৰ হৈ আছিল। তেওঁ দৃঢ়ভাৱে উপলব্ধি কৰিছিল যে আবেগৰ ঢৌত উটি-ভাহি অধিকাংশই একেটা পথৰে আগবাঢ়িলেও ই হিতে বিপৰীতহে হ'ব। তেওঁৰ ভাষাত 'সাপতো নমৰিবই, লাঠিডালহে ভাগি যাব'। স্পষ্টবাদিতাৰ বাবে তেওঁ চাকৰিটো হেৰুৱাই গভীৰ অৰ্থসংকটত পৰিছিল। নিৰুপমাক মই কলেজ জীৱনৰ পৰাই জানো। তেওঁ অসমৰ সাহিত্য আকাশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। এই কথা স্বীকাৰ কৰিও মই কিন্তু তেওঁৰ সৎ সাহসিকতাকহে অধিক সন্মান কৰো। ছাত্ৰী জীৱনৰে পৰা তেওঁ অত্যন্ত নিৰ্ভীক। তেওঁৰ কথা শতকৰা এশভাগেই সঁচা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছে। সাপতো আজিলৈকে নমৰিল, লাঠিডাল ডোখৰ ডোখৰ হ'ল। সুদীৰ্ঘ ছবছৰীয়া এটা গণ আন্দোলন আৰু আন্দোলনৰ ফলত নিহত কেইবাশ ব্যক্তিৰ মৃত্যুৰ পাছত ১৯৮৫ চনত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি। আজি ইমান বছৰ পাছতো সেই চুক্তিখন তেনেকৈয়ে থাকিল। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়া এটা যেন প্ৰহসনত পৰিণত হৈছে। আনহাতে ডিটেনশ্যন কেন্দ্ৰবোৰত বছৰৰ পাছত বছৰ ধৰি পোহপাল দি চৰকাৰে খৰচ কৰি আছে অসমৰ ৰাজকোষৰ কোটি কোটি টকা। বয়সত কনিষ্ঠ হ'লেও কবি-সাহিত্যিক তোষপ্ৰভা কলিতা আজি মোৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী। তেওঁৰ লগত মোৰ চিনাকি আমি গুৱাহাটীলৈ অহাৰ পাছত। তেৱোঁ আছিল আন্দোলনবিৰোধী, ফলত সামাজিকভাৱে তেওঁৰ পৰিয়ালটোও অস্পৃশ্য হৈ থাকিবলগীয়া হৈছিল।

 আন্দোলনটোৰ কংগ্ৰেছৰ বাহিৰে ঘাইকৈ বিৰোধিতা কৰিছিল কমিউনিষ্টসকলে। যিসকল অকমিউনিষ্টে আন্দোলনৰ বিৰোধিতা কৰিছিল তেওঁলোককো মানুহে কমিউনিষ্ট নাম দিছিল। আন্দোলনৰ ভৰপকৰ সময়তে ধুবুৰীত কোনোবাই উলিয়ালে কলকাতাত উলিওৱা অসমবিৰোধী সমদল এটাৰ আনন্দবজাৰ পত্ৰিকাত প্ৰকাশ পোৱা ছবি এখনত মোক দেখা গৈছে। মই হেনো অসমবিৰোধী কমিউনিষ্ট দলত বাঙালী মানুহৰ সৈতে যোগ দিছো! মোৰ ভনীহঁতে বাতৰিটো শুনি চিন্তিত হৈ মোলৈ ফোন কৰিলে। মই ফোনতে হাঃ হাঃ কৰি হাঁহিছিলো। বিৰাট মহানগৰীত কোনে ক’ত সমদল উলিয়ায় তাৰ খবৰে নাজানো, আৰু মোক আৱিষ্কাৰ কৰিলে হেজাৰ মানুহৰ ছবিৰ মাজত। কি ধাৰণাৰ বশৱৰ্তী হৈ যে মোক মোৰ নিজৰ ঠাইৰে মানুহে সমদলটোৰ ফটোত বিচাৰি পালে এই ৰহস্য মই এবাৰ ঘৰলৈ আহোতে তেওঁলোকক সুধিও উদ্ঘাটন কৰিব নোৱাৰিলো।

বাকীছোৱা জীৱন /১৫৯