পৃষ্ঠা:অনিমা গুহ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হলেণ্ডৰ টিউলিপ বাগিচা দেখাৰ সৌভাগ্য এতিয়ালৈ হোৱা নাই যদিও ( আৰু নো কেতিয়া হ'ব? ) লণ্ডনৰ ৱাকিংহাম পেলেচৰ সন্মুখত টিউলিপ প্ৰাণ ভৰি উপভোগ কৰিছিলো। আমাৰ বোৱাৰীৰ ফুলনিতো পাছত দেখিছো এইবিধ ফুল। ৰড’ডেনড্ৰনো তেওঁৰ বাগিচাত আছে।


হিংসাত উন্মত্ত পৃথিৱী

 নব্বৈৰ দশকৰ আগভাগৰ এটা গধূলি সক্ৰিয় গণশিল্পী জাগীৰোড কলেজৰ তৰুণ প্ৰবক্তা সুভাষ সাহা আমাৰ ঘৰলৈ আহিছিল গৃহস্থৰ সৈতে কিবা আলোচনা কৰিবলৈ। কলকাতাৰ পৰা আমি গুচি অহা বেছি দিন হোৱা নাছিল। সিদিনা চাহ-পানী খাই এওঁৰ ঘৰুৱা লাইব্ৰেৰীটোৰ পৰা কিছু কিতাপ আৰু ফাইল উলিয়াই মজিয়াতে পাটী এখন পাৰি বহিছিল সুভাষ। মই আহি বহিছিলো ভিতৰৰ কোঠাত। এনেতে কলিজাক স্তব্ধ কৰা এটা শব্দ শুনিলো। সেই শব্দৰ খুন্দাত আমাৰ ঘৰৰ দুৱাৰ-খিৰিকীবোৰ ঝন্‌ঝনাই কঁপি উঠিল৷ যোৱা শতিকাৰ নব্বৈৰ দশকত অ’ত ত’ত প্ৰায়ে বোমা বিস্ফোৰণ ঘটি আছিল। সিদিনা শব্দটোৰ প্ৰাবল্য ইমানে উচ্চ ক্ষমতাসম্পন্ন আছিল যে মোৰ ধাৰণা হ’ল আমাৰ ছাদতে বোমাটো ফাটিল। ওচৰ-চুবুৰীয়া সকলোৱে বাহিৰলৈ ওলাই আহি ভয়তে কঁপিবলৈ ধৰিলে। কেইজনমানে ভাবিলে আমাৰ চৌহদতে বিস্ফোৰণটো ঘটিছে। সেই সময়ত নানা ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। হঠাতে ভয় লাগিল আমাৰ গৃহস্থৰ ক্ষতি কৰিবলৈ কোনোবা দুৰ্বৃত্ত অহা নাইতো? সম্বিৎ ঘূৰি অহাৰ পাছত সুভাষক ক’লো বেগেতে ঘৰলৈ উভতি যাবলৈ। তেতিয়াৰ দিনত কেবল টিভি নাছিল যদিও জীৱনটো হাতত লৈ বাটেৰে লৰা-ঢপৰা কৰা মানুহৰ মুখে প্ৰায়ে লগে লগেই জানিলো শক্তিশালী বিস্ফোৰণটো ঘটিছে পল্টনবজাৰত। মানুহৰ কেঁচা তেজ, পোৰা মাংসৰ গোন্ধে এক নাৰকীয় দৃশ্যৰ সৃষ্টি কৰিছে। অলপ পাছতে গম পালো প্ৰায় একেটা সময়তে দিছপুৰতো একে কাণ্ড ঘটিছে। পিছদিনা সুভাষে কৈছিল বশিষ্ঠৰফালে তেওঁৰ ঘৰ গৈ পাওঁতে ভালেখিনি ৰাতি হৈছিল সিদিনা। লাহে-ধীৰে গম পালো এই পৈশাচিক নৰমেধ যজ্ঞৰ আঁৰত কাৰ হাত আছিল। বৰ্তমানে তেওঁলোকে কি কৰি আছে ই সকলোৰে জ্ঞাত। ৰাজনীতিত মই তেনেই কেঁচা। গতিকে কিছুমান বিষয়ে মোক আদিম যুগৰ মানুহৰ দৰে অবাক কৰে। নব্বৈৰ দশকত উল্লিখিত বিস্ফোৰণটোৱে আছিল আটাইতকৈ ধ্বংসাত্মক। অমানৱিক এই ঘটনাটোৰ

১৫৬/ বাকীছোৱা জীৱন