পৃষ্ঠা:অনিমা গুহ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰ্জি আছে। আনৰ ভাগ্য নিয়ন্ত্ৰণকাৰী অন্ততঃ এজন জ্যোতিষীক জানো যি নিজৰ ভাগ্যৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ। নহ'লেনো তেওঁৰ পিঠিত এচাৰিৰ কোব কেইটামান পৰে নে? সেই এবাৰেই নহয়, একাধিকবাৰ তেওঁ নিজৰ ভাগ্যক জয় কৰিব পৰা নাই। অথচ তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে। হেজাৰ হেজাৰ টকা খৰচ কৰি যিসকলে ৰাহু-কেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ পাথৰ পৰিধান কৰে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ ১-১৫ জুলাই ২০০০ চনৰ ‘পূৱালী' নামৰ আলোচনীখনৰ ৭৪ পৃষ্ঠাত বিখ্যাত জ্যোতিষী ৰজনী বৰুৱাই লিখিছে যে জ্যোতিষী জাতটোৰ শতকৰা নিৰান্নবৈজনেই ভণ্ড। সেয়ে নহ'লে ছটকা ৰতিৰ Green Zede পোন্ধৰশ টকীয়া ৰতিৰ পান্না হিচাপে বেচে নে?

 যি কি নহওক, আইৰিশ্ব ৰিভলিউশ্যনাৰী আৰ্মি গোটটোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে মোৰ ব্ৰিটিছ মিউজিয়াম দেখা নহ'ল যদিও দেখিলো মৰ্ত্যৰ এখন বিশাল নন্দন কানন। লণ্ডনত আছিলো অসমৰ এহাল বাঙালী দম্পতীৰ ঘৰত। গৃহস্থ ডাঃ শিৱব্ৰত বিশ্বাস পেছাত চিকিৎসক যদিও নিচাত তেওঁ সংস্কৃত সাহিত্যৰ এজন একনিষ্ঠ পাঠক। সেয়েহে ষাঠি বছৰ বয়সত অৱসৰ গ্ৰহণৰ পিছত ডাক্তৰীৰ লগত সম্পৰ্ক ত্যাগ কৰি সংস্কৃত ভাষা অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। তেওঁৰ লক্ষ্য মূল সংস্কৃত ভাষাত বেদ, উপনিষদ, কালিদাস আদি অধ্যয়ন কৰা। তেওঁলোকৰ ঘৰৰ সমীপতে বিখ্যাত কিউ গাৰ্ডেনখন। এই উদ্যানখনৰ বিষয়ে ‘মন মোৰ উৰণীয়া পখী’ নামৰ কিতাপত লিখিছো। তথাপিতো আকৌ এবাৰ কওঁ যে আধুনিক স্থাপত্য, আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে ইয়াক সাধাৰণ উদ্যান কৰি ৰখা নাই।

 শ্বিলঙতো ৰড’ডেনড্ৰন ফুল ফুলে, কিন্তু মই ভালেখিনি এলেকাজুৰি ফুলি থকা অসংখ্য গছত নানাৰঙী ৰড’ডেনড্ৰন ফুল দেখিলো কিউ গাৰ্ডেনত। এইবিধ ফুলৰ নামটোৰ সৈতে মোৰ প্ৰথম চিনাকি ৰবীন্দ্ৰ নাথৰ ‘শেষেৰ কবিতা’ত - ‘উদ্ধৃত যত শাখাৰ শিখৰে ৰডোডেনড্ৰন গুচ্ছ’। ইয়াৰ পাছত ফ্ৰান্সৰ পটভূমিকাত লিখা দ্যফন দ্যু মাৰিয়াৰ ‘ৰেবেকা’ নামৰ উপন্যাসখনতো পঞ্চাশ ফুট ওখ গছত ফুলি থকা ৰড'ডেনড্ৰনৰ উল্লেখ পাইছো। কবি-সাহিত্যিকসকলে কিছুমান গছ, ফুল, চৰাই আদিৰ প্ৰতি পাঠকৰ মনত ভাবাবেগৰ সৃষ্টি কৰে। সেয়েহে বোধকৰো মই ৰড’ডেনড্ৰনৰ বাগিচাত উন্মাদৰ দৰে পাকঘূৰণি খাই আছিলো। সিদিনা ব্ৰিটিছ মিউজিয়াম নেদেখাৰ দুখ কৰ্পূৰৰ দৰে উৰি যোৱাত গোৰ মাৰি গংগাত পেলোৱা যেনহে লাগিছিল। উদ্যানখনৰ পৰা ওলাই আহি সন্ত্ৰাসবাদী আই আৰ এক আঁতৰৰ পৰা এটা চালাম জনাইছিলো।

বাকীছোৱা জীৱন / ১৫৫