পৃষ্ঠা:অনিমা গুহ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূৰ্বে মেৰিয়ে নিশ্চয় বহুবাৰ অহা-যোৱা কৰিছিল।

 ৰজা-ৰাণীহঁতৰ জীৱনত শান্তি নাই, ভাৰতৰে হওক বা বিদেশৰে হওক। কাৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ কৰে, কোনে কাক ওফৰায় এইবোৰেই আছিল তেওঁলোকৰ কাৰবাৰ।

 এপ্ৰিল মাহত ফুলে ফুলে জাতিষ্কাৰ হৈ থকা স্কটলেণ্ডখনকে এখন নন্দন-কানন যেন লাগিছিল। জাপান চেৰীফুলৰ বাবে বিখ্যাত। স্কটলেণ্ডৰ চেৰী-ব্লজম্ দেখিয়ে মই বলিয়া, জাপানলৈ গ'লে কিজানি উন্মাদ হ'ম। কোনফালে চাম? ডেফ’ডিলবোৰেওচোন হাতবাউলি মাতে। বাটৰ কাষত অযতনে ফুলি থকা ভায়োলেটবোৰেও মোৰ মন পৰশি গৈছিল। এইবোৰ ফুলতো নহয়, মোৰ সত্তাৰ সৈতে একাকাৰ হৈ থকা মোৰেই অতীতৰ এটা যেন স্মৰণীয় অধ্যায়। যোৱা শতিকাৰ চল্লিশৰ দশকত মই স্কুলৰ ছাত্ৰী। স্কুলৰ পাঠ্যপুথিত ৱৰ্ডছৱৰ্থৰ কবিতাত এই ফুলবোৰৰ নাম পাইছিলো। কেতিয়াবা দেখিম বুলি কল্পনা কৰিছিলো জানো? একেটা সময়তে আমাৰ ইয়াতো পলাশ, নাহৰ, কৃষ্ণচূড়া, গুলছ, সোণাৰু আদি বিবিধ ফুলৰ সম্ভাৰ লৈ আহে ঋতুৰাজ বসন্তই। সকলো ফুলেই মনক দিয়ে প্ৰশান্তি। এ্যনে যেতিয়া গম পালে সম্ৰাটসকলৰ প্ৰাচীন প্ৰাসাদ, দুৰ্গ আদিতকৈ ফুলে মোক অধিক আকৰ্ষণ কৰে তেতিয়া লৈ গৈছিল পাৰ্ক, নাৰ্ছাৰী আৰু ফুলনিবোৰলৈ। এদিন তেওঁলোকৰ চুবুৰীয়া চিকিৎসক এজনৰ ঘৰৰ চালত বহি থকা মেগ্‌পী নামৰ নেজ-দীঘল চৰাই এজনী দেখুৱাইছিল। এই নামটোও মোৰ চিনাকি। মই আচ্ছন্ন হৈছিলো নষ্টালজিয়াত।

 কেইবাবছৰ পাছত ইংলেণ্ডত মেড-কাউ নামৰ গৰুৰ বেমাৰ এটাই প্ৰায় মহামাৰীৰূপত দেখা দিছিল। এ্যনে আমাক জনাইছিল যিজন চিকিৎসকৰ ঘৰৰ চালত মেগ্‌পী জনীয়ে জিৰণি লৈছিল সেইজন চিকিৎসকেই ইউৰোপত আলোড়নসৃষ্টিকাৰী মেড্-কাউ ৰোগটো প্ৰথম লক্ষ্য কৰে। বিভিন্ন দেশলৈ গো-মাংস ৰপ্তানি বন্ধ হোৱাৰ ফলত ব্ৰিটেইনৰ অৰ্থনীতি ভাগি পৰাৰ অৱস্থা হৈছিল। অসুস্থ গৰুবোৰক মাৰি পেলোৱাৰ

যো-জা কৰা বুলি গম পাই আমাৰ দেশৰ গো-প্ৰেমী দলটো এই সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল। প্ৰস্তাৱ দিছিল ব্ৰিটেইনৰ খৰচত বেমাৰী গৰুবোৰক ভাৰতলৈ পঠাবলৈ। গৰুৰ প্ৰেমত উথলি উঠা ভাৰতীয়সকলে সঁচাকৈয়ে গৰুক শ্ৰদ্ধা কৰেনে? ভাৰতীয় নাৰীক দেৱীৰ আসনত অধিষ্ঠিত কৰি নাৰী জাতিটোক নিৰ্যাতন কৰাৰ দৰে গো মাতা-পিতাক ঈশ্বৰৰ শাৰীত বহুৱাই অকথ্য অত্যাচাৰ কৰে নে নকৰে ভাবি চাওকচোন। এচাৰিৰে কোবাই পিঠিবোৰ ছিৰাছিৰ কৰে নে নকৰে?

১৫২/ বাকীছোৱা জীৱন