পৃষ্ঠা:অনিমা গুহ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়!

 স্কটলেণ্ডবাসীৰ পুৰণি বিশ্বাস নেফী ( Neffie ) নামৰ এটা সাগৰীয় দৈত্য ( Sea monster ) ইয়াৰে কোনোবা এটা লকত বাস কৰে। সাধাৰণতে ই অদৃশ্য হৈয়ে থাকে, কাচিৎ কেতিয়াবা দৃশ্যমান হয়। আমাৰ ভাগিনী ৰূপাই হেনো তালৈ এবাৰ ফুৰিবলৈ যাওঁতে তাক দেখিছে। এনেধৰণৰ বিশ্বাস বহু ঠাইত আছে। অৰুণাচলৰ অন্তৰ্গত ছে-লাৰ পাহাৰত কোলাত আলফুলকৈ বৰ্তি থকা পেৰাডাইছ সৰোবৰৰ পানীত সাঁতুৰিবলৈ মাজে মাজে হেনো সৌভাগ্যৰ প্ৰতীক এযোৰ সোণালী হাঁহ আহে। আমাৰ লগত তাৱাঙলৈ যোৱা ৰাম নামৰ ডেকাজনে হাঁহযোৰ দেখা পালেই। আমি গাড়ী ৰখাই সিহঁত দুটাক বৰকৈ বিচাৰিলো, ফটা কপালত দৰ্শন নিমিলিল। যুক্তিৰে ভাবি চালো এইবোৰ কিংবদন্তিহে।

 এ্যন এদিন গৈছিল স্‌টাৰ্লিং কেছ্‌ল নামৰ সম্ৰাট-সম্ৰাজ্ঞীসকলৰ প্ৰাসাদ এটালৈ। ইয়াৰে এটা অংশত বৰ্তমানে (অৰ্থাৎ মই যোৱাৰ সময়ত) এখন ৰেস্তোৰাঁ আছে। নাম হুইটশ্বীফ কেটাৰিং। তাত বহি চাহ খাবৰ সময়ত জনা নাছিলো যে ই এটা ৰাজ প্ৰাসাদৰ অংশ আৰু এই প্ৰাসাদটো আছিল স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰিৰ (১৫৪২-১৫৮৭)। মেৰিৰ প্ৰাসাদ! শুনিয়ে মই চকীখনৰ পৰা জাঁপ মাৰি উঠিছিলো।

 ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰি আছিল নিষ্ঠাৱান কেথলিক ধৰ্মী। প্ৰটেষ্টাণ্ট লৰ্ডসকলৰ লগত কাজিয়া-পেচাল হোৱাত তেওঁ ইংলেণ্ডলৈ পলাই যায় ১৫৬৭ চনত। তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অৱশেষত এদিন মেৰি, কুইন অফ্‌ স্কট্‌ছৰ শিৰচ্ছেদ কৰা হয় লণ্ডনত।

 এ্যনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী

বাকীছোৱা জীৱন/ ১৫১