পৃষ্ঠা:অনিমা গুহ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আৰু এবাৰ বিমান যাত্ৰাত মোৰ চৰ্দাৰজীৰ কাষত বহাৰ দুৰ্ভাগ্য হৈছিল। এওঁ অৱশ্যে ফৰ্ফৰাই ইংৰাজী কোৱা শ্ৰেণীৰ। তেওঁ বহিছিল মোৰ সোঁফালে। এটা সময়ত মোৰ বাওঁফালৰ ঠেক কৰিড'ৰেৰে ডেকা এজনে চিগাৰেট জ্বলাবলৈ দিয়াচলাই এটা বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰি আছিল। কোনো এজন যাত্ৰীক ডেকাৰ কথাৰ উত্তৰ দিয়া নেদেখিলো, দিলে কেৱল মোৰ কাষত বহি থকা চৰ্দাৰজীয়ে। অৱশ্যে বেয়াকৈ একো কোৱা নাই, কৈছিল বিমানত চিগাৰেট খোৱা বাৰণ। ডেকাজনে চৰ্দাৰজীৰ কথা চেলেঞ্জ কৰিলে যুদ্ধংদেহি কায়দাত। চৰ্দাৰজীৰ তেজ উতলি উঠিল। প্ৰথমতে দুয়োৰে মাজত বাক্যবাণৰ আদান-প্ৰদান হ’ল, তাৰ পাছত দুয়ো পৰস্পৰক আঘাত হানিবলৈ হ’ল উদ্যত। মই প্ৰমাদ গণিলো। মোৰ সোঁফালে চৰ্দাৰ, বাওঁফালে ডেকা। দুয়োৰে মাজত ঘুচিয়া-ঘুচি আৰম্ভ হ’লে দুটামান মোৰ মূৰতো সৰি নপৰিব বুলি কোনে ক’ব পাৰে। উত্তপ্ত পৰিস্থিতি। নিজৰ মূৰটো চম্ভালিবলৈ মই দুখন হাতেৰে দুয়োকে ঠেলি দিলো। ডেকাজন বোধকৰো মানসিকভাৱে অলপ অসুস্থ আছিল। চৰ্দাৰজীক কৈছিল— ‘চালা, তোৰ ডাঢ়িত জুই লাগিব বুলি চিগাৰেট নাখাৱ, মই কিয় নাখাম?’ চিঞৰ-বাখৰ শুনি কেবিনকৰ্মী এজনে অৱশেষত ডেকাক টানি লৈ গৈছিল।

 আন এবাৰ মোৰ আগৰ শাৰীত উপবিষ্ট যাত্ৰী এজনে লাইটাৰটো জ্বলাই চিগাৰেটত অগ্নিসংযোগ কৰা দেখি তেওঁক আমাৰ বিপৰীত ফালৰ বেৰত আৰি থোৱা ফলক এখনলৈ আঙুলিয়াই কৈছিলো যে চিগাৰেট খোৱা বাৰণ বুলি তাত লিখা আছে। তেওঁৰ মোৰ কথা গ্ৰাহ্য নকৰি ক'লে সিটো ফালে বাৰণ, আমাৰ ফালে নহয়। মই জোৰ দি কৈছিলো সকলোফালে বাৰণ। মানুহজনে চাগৈ ভাবিছিল সাধাৰণ পোছাক পিন্ধা বয়সীয়া মহিলাজনীয়ে কি জানে। সেয়েহে বিমান সেৱিকাগৰাকীক ফুচফুচাই সুধিছিল চিগাৰেট খাব পাৰিব নে নাই। সেৱিকাই জোৰে উত্তৰ দিছিল— সৌ নোটিচখন দেখা নাই নে? মানুহজন অৱশ্যে চৰ্দাৰজী নাছিল। কিন্তু তেওঁ যে মহিলা হোৱা বাবে মোক উপেক্ষা কৰিছিল তাত সন্দেহ নাই। সাজ-পাৰত তেনেই গাঁৱলীয়া যেন বয়সীয়া তিৰোতা মানুহৰ সমুখত তেওঁ আৰু বেছি সময় কটাব নোৱাৰি উঠি বোধকৰো আঁতৰৰ কোনো খালী আসনত বহিছিলগৈ।

 ইংলেণ্ড যাত্ৰাৰ কাহিনীলৈ উভতি যাওঁ। লণ্ডনৰ গে’টউইক বিমান বন্দৰতো শনিৰ উপস্থিতি অনুভৱ কৰিলো। কনভেয়াৰ্ছ বেল্টৰ কাষত চুটকেচটোৰ বাবে থিয় হৈ আছো, যাত্ৰীসকলে নিজ নিজ লাগেজ মোকলাই প্ৰস্থান কৰিলে, মোৰটোৰ দেখা

১৪৮/ বাকীছোৱা জীৱন