পৃষ্ঠা:অনিমা গুহ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাকতখনে মোক নিয়মীয়াকৈ স্তম্ভ এটা লিখাৰ দায়িত্ব দি মোক কলম ধৰাৰ পৰা অব্যাহতি নিদিলে।

 মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত উল্লেখ কৰা হৈছে যে সমাজত বাল্যকালৰে পৰা দেখা লিংগ বৈষম্যই কিশোৰী বয়সতে মোক বিদ্ৰোহী কৰি তুলিছিল। তেতিয়াৰে পৰা আজি ইমান বছৰ পাছতো সেই বৈষম্য তিষ্ঠি থকা দেখি মোৰ বিদ্ৰোহী মন অধিক বিদ্ৰোহী হৈ উঠিছে। হাতত কলমটো লোৱাৰ পাছত এই বৈষম্যৰ বিৰুদ্ধে লিখাটো মোৰ পবিত্ৰ কৰ্তব্য বুলি ধৰি লৈছো। কেৱল লিংগ বৈষম্যই নহয়, যিকোনো ধৰণৰ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতা অভ্যাস এটা গঢ়ি উঠিছে মোৰ মাজত।

 সাধ্যানুসৰি স্বতঃস্ফূৰ্তভাৱে মানুহক উপযাচি উপকাৰ কৰিবলৈ আগবাঢ়ি অহাও মোৰ এটা স্বভাৱ। আজি মই ভাবো উপযাচি উপকাৰ কৰাটো কোনো মহৎ গুণ নহয়। দোষ বুলি কোৱাই বোধকৰো ভাল। এইবোৰৰ দ্বাৰা মানুহ অপ্ৰিয়হে হয়। মানুহৰ ভাল কৰিবলৈ গৈ একাধিকবাৰ মই নিন্দিত হৈছো।

 এই প্ৰসংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এসময়ত কোৱা কথা এষাৰলৈ মনত পৰিল। কোনোবা এজন মানুহে তেওঁৰ নিন্দা কৰা বুলি শুনি বিদ্যাসাগৰে হেনো টপৰাই কৈছিল যে সেই মানুহজনৰতো তেওঁ কেতিয়াও উপকাৰ কৰা নাই। অৰ্থাৎ উপকাৰীকহে অজগৰে খায়। ঈশ্বৰচন্দ্ৰৰ লগত নিজক তুলনা কৰাৰ ধৃষ্টতা মোৰ নাই, কিন্তু তেওঁৰ অভিজ্ঞতাই মোক মানুহৰ চৰিত্ৰ সম্পৰ্কে সচেতন কৰিছে। ফলত উপকাৰীৰ গালিবৰ্ষণে মোক বৰকৈ ব্যথিত নকৰে। মানুহৰ স্বভাৱে মৰিলেও হেনো লগ নেৰে। মোৰো একে অৱস্থা। সদ্যহতে থাওক বাৰু এইবোৰ কথা। বেলেগ প্ৰসংগলৈ যাওঁ।


হঠাতে সৌভাগ্যৰ আগমন

 ১৯৯৩ চনৰ এপ্ৰিলত মই আমেৰিকালৈ যাবলগীয়া হ’লো। সেই বছৰ জানুৱাৰীৰ ২৬ তাৰিখে আমাৰ প্ৰথম নাতি ঋষভৰ জন্ম হয় মিনিয়াপলিছত। পুত্ৰ জয় সেই সময়ত তাত 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত আছিল, বোৱাৰী মনীষা নিউয়ৰ্কৰ ফিলিপছত।প্ৰসূতিকালীন ছুটী শেষ হোৱাৰ পাছত মনীষা আৰু শিশুটোৰ লগত থাকিবলৈ মই যাবলগীয়া হৈছিলো।

বাকীছোৱা জীৱন /১৪৩