পৃষ্ঠা:অনিমা গুহ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এৰিবৰ আগৰে পৰা মনে মনে প্লেন কৰিছিলো যে কৰ্মব্যস্ত জীৱনটোত সময়ৰ অভাৱত নিজে ভালপোৱা যিবোৰ ইচ্ছা পূৰাব পৰা নাই সেইবোৰকে এটা এটাকৈ কৰিম। তাৰ ভিতৰত প্ৰথমটো ইচ্ছা আছিল আৰাম চকীত আঁউজি মনে বিচৰা কিতাপ পঢ়াৰ। পিছে অদৃষ্টই মোৰ সকলো প্লেন-প্ৰ'গ্ৰাম নাকচ কৰি মোক কাণত ধৰি চোঁচৰাই আনি থিয় কৰাই দিলে তেৰাৰ প্লেনমতে এটা নিৰ্দিষ্ট বাটত। নিয়তিক বাধা দিয়ে কোনে? গতিকে ভবা মতে আৰাম চকীত আঁউজি কিতাপ নপঢ়ি হাতত কাগজ-কলম লৈ বহিবলগীয়া হ'লো সাধাৰণ চকী-মেজত।

 আমেৰিকাত চাৰিটা মাহ কটাই উভতি অহাৰ পাছত যাৰে লগত দেখা হয় সোধে তাত ক'লৈ গ'লো, কি দেখিলো, কেনে লাগিল, কি কৰিলো, কি খালো ইত্যাদি একেধৰণৰ প্ৰশ্ন। একেধৰণৰ প্ৰশ্নৰ উত্তৰো হয় একে। ফটা ৰেকৰ্ডখন বজাই বজাই ধৈৰ্যচ্যুতি ঘটিবলৈ আৰম্ভ হৈছিলহে এনেতে হেমন্ত বৰ্মনে সেই সময়ত তেওঁ সম্পাদনা কৰা ‘শ্ৰীময়ী’ নামৰ আলোচনীখনত মোৰ ভ্ৰমণকাহিনীটো প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।উৎসাহিতবোধ কৰি লিখিবলৈ আৰম্ভ কৰিলো যদিও পাঁচ-ছটামান কিস্তিত লেখাটো শেষ কৰিম বুলি ভাবিছিলো। পিছে লাগিল নহয় লেঠা। চিনাকি-অচিনাকি অনেকে লেখাটো ভালপোৱা বুলি ক'লে। সৰ্বোপৰি সাহিত্য আকাশৰ নক্ষত্ৰ নিৰুপমা বৰগোহাঞি, প্ৰীতি বৰুৱা, মামণি ৰয়ছম গোস্বামী, মঞ্জুমালা দাস প্ৰমুখ্যে কেইবাগৰাকীয়ে লেখাটোৰ উচ্চ প্ৰশংসা কৰি এই নিঃকিনক লেখা-মেলাৰ জগতখনত সোমাবলৈ অনুপ্ৰেৰণা যোগালে। এনেতে এদিন কলকাতাৰ পৰা গৌতম প্ৰসাদ বৰুৱাই চিঠিৰে লেখাটোৰ প্ৰশংসা কৰি ভ্ৰমণ কাহিনীটোৰ কলেৱৰ বৃদ্ধি কৰিবলৈ ক’লে। তাৰ পাছত এদিন আবেলি মিঠাইৰ টোপোলা এটা হাতত লৈ আমাৰ ঘৰলৈ আহিল অৰূপা পটংগীয়া কলিতা আৰু ৰাজেন কলিতা। সাহিত্যিক দম্পতীহালৰ লগত সিবাৰেই মোৰ প্ৰথম চিনাকি। ভ্ৰমণ কাহিনীটোৰ বাবে জনোৱা তেওঁলোকৰ শুভেচ্ছাই মোক অভিভূত কৰিলে। লিখাটো আৰম্ভ কৰোতে স্বতঃস্ফূৰ্তভাৱে কলমৰ আগেদি ওলোৱা অনুভূতিসমূহ লিখি গৈছিলো। বিশেষ ব্যক্তিসকলে পঢ়ি আছে বুলি জনাৰ পাছত সঁচা কথা ক'বলৈ গ'লে মই অলপ বিমোৰতে পৰিছিলো। কেইবাযোৰ অভিজ্ঞ চকু অনবৰতে মোৰ লেখাটোৰ আশে-পাশে ঘূৰি থকা যেন লাগিছিল। এদিন বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়ৰী পলিৰ বিয়াত লগ পালো প্ৰশাসনিক বিষয়া নীলিময় চৌধুৰীক। ইতিমধ্যে ৰথী-মহাৰথীসকলৰ প্ৰশংসা শুনি শুনি মোৰ অহংবোধটো কিছু ওফোন্দি উঠা যেন অনুভৱ কৰিছিলো, চৌধুৰী ডাঙৰীয়াই যাৰ তুলনাত মোৰ

১৪০/ বাকীছোৱা জীৱন