পৃষ্ঠা:অনিমা গুহ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতে ইমান খোৱা বস্তু আনিছিল যে সেই খাদ্য ওৰে বাটটো শেষ কৰিব নোৱাৰি শুকান মিঠাই, ফল আদি গুৱাহাটীলৈ লৈ আহিছিলো।

 গুৱাহাটীৰ উলুবাৰীত গৃহস্থহঁতৰ পৈতৃক ভিঠা। পাছত এওঁলোকৰ ছজন ভায়েক-ককায়েকে নিজাকৈ একোটা ঘৰ বান্ধিছিল। আমাৰ গৃহস্থয়ো যোৱা শতিকাৰ সত্তৰৰ দশকৰ শেষৰ ফালে মাজে সময়ে কলকাতাৰ পৰা আহি ঘৰ এটা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি গৈছিল। কাৰ হতুৱাই কামটো কৰিছিল মই সঠিককৈ জনা নাছিলো। আচলতে জনাৰ আগ্ৰহো মোৰ নাছিল। ঘৰ নিৰ্মাণতকৈ সেই সময়ত পুত্ৰৰ ভৱিষ্যৎ নিৰ্মাণৰ প্ৰতি আছিলো মই বেছি আগ্ৰহী। তদুপৰি আমাৰ সীমিত অৰ্থেৰে কোনোমতে বাস কৰিব পৰা ঘৰ এটা হ’লেই হ’ব বুলি লৈছিলো। কি নহওক, ঘৰটো হোৱাৰ পাছত কেতিয়াবা এটা অংশ ভাড়ালৈ দিছিল, এটা অংশত দুজনমানক এনেয়ে থাকিবলৈ দিছিল। অৱশেষত আগফালৰ আহল বহল কোঠাটো নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। আমি অহাৰ আগে আগে কোঠাটো তেওঁলোকে মুকলি কৰি দিয়ে আৰু ভাড়া দিয়া কোঠাকেইটাও মুকলি কৰোৱা হয়। আমি আহি বৰজনাৰ ঘৰত উঠিছিলো। পিছদিনা পুৱা নিজৰ ঘৰটো চাবলৈ আহি মোৰ মনত পৰিছিল খ্যাতনামা চিত্ৰ পৰিচালক মৃণাল সেনে নিৰ্মাণ কৰা ‘খণ্ডহৰ’ নামৰ কথাছবিখনলৈ। ধ্বংসপ্ৰাপ্ত এই ঘৰটোত কেনেকৈ থাকিম? ছাদখন চুবুৰীয়াৰ কুকুৰৰ বিচৰণ ভূমি আৰু ওচৰ-চুবুৰীয়াৰ কাপোৰ শুকোৱা ক্ষেত্ৰ আৰু পাছফালৰ খোলা ঠাই ডোখৰে ইফাল-সিফালৰ মানুহৰ ঘৰ-দুৱাৰবোৰ আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ সহায় কৰিছে। বাহিৰখন চাই হতাশ হোৱা মইজনী সোমালো ঘৰৰ ভিতৰত। বাহিৰতকৈ ভিতৰৰ অৱস্থা অধিক শোচনীয়। কোনোবা এঘৰ সন্মানীয় ব্যক্তিয়ে ঘৰটো ভাড়ালৈ লৈছিল। মহিলাগৰাকীও চাকৰিয়াল আছিল, গতিকে শিক্ষিত। কিন্তু ঘৰটো এৰাৰ সময়ত তেওঁলোকে দুনিয়াৰ সকলো আৱৰ্জনা, লাম-লাকটু, বৰ্জনীয় ফটাকানি ইত্যাদি ইত্যাদি আমালৈ থৈ গৈছিল। মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে প্ৰতিখন খিৰিকীত তাঁৰৰ পাতল জাল গজালেৰে মাৰি লৈছিল। ধূলি আৰু মকৰাৰ জালেৰে ভৰা সেইবোৰৰ এখনো নাছিল অক্ষত অৱস্থাত। মুঠতে নিৰানন্দময় এখন ছবি।

 মোৰ জেপ গধুৰ হোৱা হ'লে বোধকৰো ভাড়াঘৰ বিচাৰি গুচি গ'লোহেঁতেন। পিছে সেই ভাগ্যৰ পৰা বঞ্চিত হোৱা হেতুকে ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী আদিক গোট খুৱাই কঁকালত টঙালি বান্ধি যুদ্ধক্ষেত্ৰত নমাৰ দৰে নামি পৰিলো গৃহসংস্কাৰ কাৰ্যত। প্ৰায় এটা মাহ বৰজনাৰ ঘৰত কটাই, ঘৰটোত থূলমূলকৈ তাপলি-চাপলি মাৰি

বাকীছোৱা জীৱন / ১৩৭