পৃষ্ঠা:অনিমা গুহ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহিত্যিক বংকিমচন্দ্ৰ, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, আশাপূৰ্ণা দেৱী, আধ্যাত্মিক জগতৰ স্বামী বিবেকানন্দ, ঋষি অৰবিন্দ, ৰামকৃষ্ণ পৰমহংস, ৰাণী ৰাসমণি আৰু অনেক চিকিৎসক, গায়ক, অভিনেতা, চিত্ৰশিল্পী, বিদ্বান চিন্তাশীল ব্যক্তি, বিপ্লৱী ইত্যাদি।

 কলকাতা এৰিবৰ সময়ত এওঁলোকক সুঁৱৰিছিলো। অসমৰ পৰা ঊনৈশ শতিকাত যিসকল ছাত্ৰ কলকাতালৈ পঢ়িবলৈ গৈছিল তেওঁলোককে ধৰি আমাৰ সময়তো যিসকলে জ্ঞানাৰ্জনৰ বাবে তালৈ গৈছিল আটায়ে একবাক্যে কলকাতাৰ শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা উপকৃত হোৱা বুলি কয়। আজিৰ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ্থে ঘাইকৈ যায় দিল্লীলৈ। কলকাতাই তাৰ আগৰ মৰ্যাদা আৰু গৌৰৱ হেৰুৱালে নেকি বাৰু?


কলকাতাৰ পৰা গুৱাহাটীলৈ

 গুহ পৰিয়ালৰ সদস্য সংখ্যা অনেক। তেওঁলোকৰ অধিকাংশৰে জী-জোঁৱাই, ভতিজা, ভাগিন বৰ্তমানে কলকাতাবাসী। জয়ৰ বিয়াৰ পাছত বৈবাহিক সূত্ৰেও পালো আত্মীয়স্বজন। তদুপৰি আছে বন্ধু-বান্ধৱ, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়া। কলকাতা এৰাৰ পোন্ধৰ দিনমান আগৰে পৰা আমাৰ ৰান্ধনিঘৰ বন্ধ আছিল বুলিয়ে ক’ব পাৰি। ঘৰে ঘৰে সেই কেইদিন খাই ফুৰিছিলো।

 ঘৰৰ মালিক মামাবাবুৰ পুতেক-বোৱাৰীয়েক আৰু বিশেষকৈ নাতি-নাতিনী, বুড়ো আৰু বুড়িৰ আমাৰ লগত এটা অতি ওচৰ সম্পৰ্ক গঢ়ি উঠিছিল। সিহঁতে জন্মৰে পৰা আমাক পাইছে। দুয়ো জানে আমি সিহঁতৰ জেঠু আৰু জিম্মা (জেঠীমা)। গতিকে আমি যে আৰু তাত নাথাকো সিহঁতে কল্পনাই কৰিব নোৱাৰে। ছোৱালীবিলাক সৰুৰে পৰা পুষ্ঠমনস্ক হয় যেন লাগে। মই বেঙেনা ভাজি আৰু চাটনি খাবলৈ ভালপাওঁ বাবে ঘৰে ঘৰে নিমন্ত্ৰণ খাই অহাৰ পাছত বুড়িয়ে লৰ মাৰি আহি সোধে সেই দুবিধ বস্তু মই খালো নে নাই। খোৱা নাই বুলি ক’লে তাই মনত বৰ দুখ পাইছিল। আমি অহাৰ দুদিনমান আগৰে পৰা বুড়িহঁতৰ ঘৰত খাইছিলো। প্ৰতি সাজত বেঙেনা ভাজি আৰু চাটনি ৰান্ধিবলৈ দহবছৰীয়া ছোৱালীজনীয়ে মাকক নিৰ্দেশ দিছিল। আপোনৰো আপোন এই ল'ৰা-ছোৱালীহালক এৰি থৈ অহা যে কি বেদনাদায়ক আছিল তাক আজিও উপলব্ধি কৰো। হাওৰা ষ্টেচনত আমাক বিদায় জনাবলৈ আত্মীয়-স্বজন, বন্ধু-বান্ধৱবোৰে প্লেটফৰ্ম উপচি পৰিছিল বুলি ক'লে বেছি কোৱা নহয়। প্ৰত্যেকে হাতে

বাকীছোৱা জীৱন / ১৩৫