পৃষ্ঠা:অনিমা গুহ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেশসমূহে অপূৰ্ব গঠন শৈলীৰে নিৰ্মাণ কৰা বুদ্ধ মন্দিৰবোৰ দৰ্শন কৰি। বুদ্ধদেৱে যিজোপা গছৰ তলত ধ্যানমগ্ন হৈ মোক্ষ লাভ কৰিছিল সেইজোপা এতিয়ালৈ জীয়াই থকা নাই নিশ্চয়, কিন্তু তাত গছ এজোপা নথকা নহয়। ঠাইখিনি চাই চাই ভাবিলো গৌতমবুদ্ধৰ বেচেৰী ঘৈণীয়েকজনীৰ কথা। ৰাতিপুৱা উঠি যেতিয়া আৱিষ্কাৰ কৰিলে স্বামীজনে ল’ৰা-তিৰোতাক এৰি পলাই গৈছে মানুহজনীৰ বাৰু কেনে লাগিছিল। কি অৱস্থা হৈছিল!


কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি

 ভাৰতলৈ ব্ৰিটিছকে ধৰি ইউৰোপীয় বণিক সম্প্ৰদায়ৰ আগমন কেইবা শতাব্দী আগতে হ’লৈও ১৭৫৭ চনত ব্ৰিটিছ জেনেৰেল ৰবাৰ্ট ক্লাইভে ( ১৭২৫-১৭৭৪ ) পলাচীৰ যুদ্ধত বংগৰ নবাব চিৰাজদৌলাক পৰাস্ত কৰি এইবোৰ অঞ্চলত ব্ৰিটিছৰ আধিপত্য স্থায়ী কৰে। আমি এবাৰ বহৰমপুৰত জেশাহুৰ ঘৰলৈ যাওঁতে সমীপৱৰ্তী লালবাগত চিৰাজদৌলাৰ সুৰক্ষিত ৰাজপ্ৰাসাদটো চাই আহিছিলো।

 এসময়ত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলকাতাতে প্ৰতিষ্ঠা কৰিছিল। বংগদেশৰ জনসাধাৰণৰ মাজত বিপ্লৱী শক্তিৰ উত্থান দেখি ১৯১১ চনত ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰে। তাৰ আগতে বংগৰ সজাগ মানুহৰ মাজৰ ঐক্য বিনষ্ট কৰাৰ উদ্দেশ্যে লৰ্ড কাৰ্জনে ১৯০৫ চনত বংগদেশক দ্বিখণ্ডিত কৰি পূৰ্ববংগক অসমৰ লগত সাঙুৰি দিছিল। পিছে ইয়াৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে হৈ থকা আন্দোলনৰ হেঁচাত ছবছৰমানৰ ভিতৰতে দুয়োটা অংশ একত্ৰিত কৰিবলৈ বাধ্য হয়।

 কলকাতা ভাৰতৰ সাংস্কৃতিক ৰাজধানীও আছিল। গোপাল কৃষ্ণ গোখলেৰ এটা বিখ্যাত উক্তি আছিল— আজি বংগই যি চিন্তা কৰে, ভাৰতৰ বাকী অংশই সেই চিন্তা কৰে তাৰ পিছদিনা। ওঠৰ, ঊনৈশ, কুৰি শতিকাজুৰি এইখন ৰাজ্যত জন্মগ্ৰহণ কৰিছে কেইবাগৰাকী নক্ষত্ৰই। এওঁলোকৰ ভিতৰত আছে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, বিজ্ঞানী আচাৰ্য প্ৰফুল্ল চন্দ্ৰ, জগদীশ চন্দ্ৰ বসু, বোস আইনষ্টাইন থিয়োৰীখ্যাত সত্যেন্দ্ৰ নাথ বসু, কবি মাইকেল মধুসূদন দত্ত, ৰবীন্দ্ৰনাথ ঠাকুৰ, জীৱনানন্দ দাশ, ‘ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময়/ পূৰ্ণিমাৰ চাঁদ যেন ঝলসানো ৰুটি’ খ্যাত কবি সুকান্ত ভট্টাচাৰ্য, শিল্পী উদয়শংকৰ, অমলা শংকৰ, সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, উৎপল দত্ত, ৰাজনীতিবিদ সুভাষ চন্দ্ৰ বসু, চিত্তৰঞ্জন দাশ,

১৩৪/ বাকীছোৱা জীৱন