পৃষ্ঠা:অনিমা গুহ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিয়াৰ কথা উত্থাপন কৰিবলৈ ওলাইছিলহে, দৰাৰ দেউতাকে পোনপটীয়াকৈ ক'লে যে ভৱদীয় শব্দটোৰ অৰ্থ যিটো পৰিয়ালে নাজানে সেই পৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ইচ্ছা তেওঁৰ নাই।

 চিঠিখনৰ শেষত তেওঁ ইতি, ভৱদীয় মজুমদাৰ বুলি লিখিছিল। ইংৰাজী মাধ্যমত পঢ়া কইনাৰ বায়েকে ধৰি লৈছিল পত্ৰলেখকৰ নাম ভৱদীয়। এৱেঁই উল্লিখিত ৰসিক মামা বাবু।

 বাঙালী ৰসিকেই নহয়, তৰ্কপ্ৰিয়ও। বাটে-ঘাটে, ট্ৰামে-বাছে এজনৰ যুক্তি খণ্ডন কৰি নিজৰ মত প্ৰতিষ্ঠা কৰাৰ কি আপ্ৰাণ প্ৰচেষ্টা! এনে তৰ্কপ্ৰিয় জাতি বোধহয় বিশ্বত বিৰল। অমৰ্ত্য সেনে তেওঁৰ Argumentative Indian গ্ৰন্থত বাঙালীৰ তৰ্কবাগীশ স্বভাৱৰ উল্লেখ কৰিছে। আজিয়ে নহয় কেইবা শতাব্দী আগতেই এই স্বভাৱটো ৰপ্ত কৰিছে বাঙালী মানুহে। বৰ কথকীও।


গয়া দৰ্শন

ভ্ৰমণ কৰিবলৈ ভালপাওঁ। দিল্লী, পুনেবাসৰ সময়ত দক্ষিণ আৰু উত্তৰ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিলো যদিও কাশ্মীৰলৈ যোৱা নাছিলো। কলকাতা এৰাৰ আগতে এবাৰ কাশ্মীৰ ভ্ৰমণ কৰিলো, বোধকৰো তাৰ পিছৰ বছৰৰ পৰা সন্ত্ৰাসবাদীৰ ৰম্যভূমি হোৱাত ভূস্বৰ্গলৈ পৰ্যটকৰ সংখ্যা কমিবলৈ ধৰিছিল। এবাৰ গৈছিলো আন্দামানলৈ। ভ্ৰমণ কাহিনী অ'ত ত'ত লিখা বাবে সেই বিষয়ে দুনাই লিখাৰ পৰা বিৰত থাকিলো।

 পিছে গয়া দৰ্শনৰ বিষয়ে দুকলম লিখিবলৈ মন গ'ল। আমাৰ মাৰ বছৰেকীয়া শ্ৰাদ্ধাদি হৈ যোৱাৰ পাছত সৰু ভণ্টি ৰীতাই গয়াত পিণ্ডদান কৰি মাৰ আত্মাক মুক্তি দিবলৈ ব্যস্ত হৈ পৰিল, আমি কলকাতা এৰাৰ পাছত এই কাম কৰা সহজ নহ'ব বুলি ভাবি। মই নিজে আত্মা বিশ্বাস নকৰো, গতিকে মুক্তিৰ প্ৰশ্ন নুঠে। কিন্তু মই আনৰ বিশ্বাসক অশ্ৰদ্ধা নকৰো, অৱশ্যে যদিহে ই অন্ধবিশ্বাস নহয়। যি কি নহওক, ৰীতা, ভাগিন অৰূপ আৰু মই গয়ালৈ গৈছিলো পিণ্ডদান কৰিবলৈ। ভাগ্যে ভাৰত সেৱাশ্ৰমৰ লগত যোগাযোগ কৰি গৈছিলো, নহ'লে পাণ্ডাৰ উৎপাতত উভতি আহিবলগীয়া হ'লহেঁতেন। পিণ্ডদান কৰিবলৈ নিৰ্দিষ্ট পাণ্ডাজনে মজিয়া এখনত বহিবলৈ ক'লে। পৰিবেশ অলপো মনোমুগ্ধকৰ নাছিল। ৰীতা আৰু অৰূপৰ আঙুলিত পাণ্ডাই কুশৰ আঙঠি পিন্ধোৱাৰ পাছত ময়ো মোৰ আঙুলিটো আগবঢ়াই দিলো। পাণ্ডাই মোক

১৩২/ বাকীছোৱা জীৱন