পৃষ্ঠা:অনিমা গুহ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জুৰি কলকাতাত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান৷ সদায় যোৱা অসম্ভৱ৷ কলকাতা এৰিবৰ আগত সেইবোৰ আৰু চোৱা নহ’ল বাবেও দুখ লাগিছিল।

 পুনে এৰি কলকাতালৈ আহিনৰ সময়ত শোকে খুদা মাৰি ধৰিছিল। তাৰ পাছত ঊনৈশ বছৰ কলকাতাত থাকিলো, কলকাতাক অন্তৰেৰে ভাল পাবলৈ শিকিলো। মানুহ সঁচাই এক আশ্চৰ্য জীব। অৱস্থাৰ লগত খাপ খাব পৰা ক্ষমতা মানুহৰ অসীম।

 দাঁত নসৰালৈকে মানুহে দাঁতৰ মুল্য নুবুজাৰ দৰে কলকাতা এৰিবৰ সময়তহে মনত পৰিবলৈ ধৰিলে ক’লৈ ক'লৈ যোৱা নহ'ল আৰু কলৈ ক'লৈ যোৱা নহ'ব। কফি হাউছলৈ আৰু যোৱা নহ'ব, ভাবিয়ে দুখ লাগি গ'ল। কলেজ ষ্টীটৰ কফি হাউছ কলকাতাৰ ছাত্ৰ ছাত্ৰী আৰু ইনটেলেকচ্যুয়েলসকলৰ আড্ডাৰ কেন্দ্ৰ। একাপ কফি সন্মুখত লৈ ঘণ্টাৰ পিছত ঘণ্টা তেওঁলোকে আকাশৰ তলত থকা সকলো বিষয়ে আলোচনা কৰে। কফি হাউছৰ জন্ম কেতিয়া নাজানো, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ ছাত্ৰাৱস্থাতো অসমীয়া ছাত্ৰসকলে তাত বহি নানাধৰণৰ আলোচনা কৰিছিল। কোনে জানে ঘাইকৈ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰচেষ্টাত ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী' নামৰ আলোচনীখন উলিওৱাৰ চিন্তা অসমীয়া ছাত্ৰসকলে কিজানি ইয়াত বহিয়ে কৰিছিল। অবশ্য ই মোৰ কল্পনাহে। যি কি নহওক জোনাকীৰ পাততেই অসমীয়া ৰোমাণ্টিক সাহিত্যৰ জন্ম। এই যুগৰ সুচনা হৈছিল কলকাতাতেই।

 কলেজ ষ্ট্ৰীটলৈ গ’লে কফি হাউছলৈ গৈছিলো যদিও আড্ডা মৰাৰ সময় কত? ছাত্ৰাৱস্থাত কলকাতাত থকা হ'লে হয়তো বহিবলৈ সময় পালোহেঁতেন। যি কি নহওক, মাজে মাজে তালৈ গ'লে ভাবিছিলো আমাৰ আতা ছাত্ৰাৱস্থাত ইয়ালৈ নিশ্চয় আহিছিল। ভাবিলে দুখ লাগে তেওঁৰ কলিকতীয়া জীৱনৰ অভিজ্ঞতা পুতেকহঁতকো কৈ যাব নোৱাৰিলে। তেওঁৰ বৰপুত্ৰ অৰ্থাৎ আমাৰ দেউতাৰ দহ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। গতিকে আতাৰ ছাত্ৰজীৱনৰ অধ্যায়টো নজনা হৈয়ে থাকিল। মাজে সময়ে এটা ভাবনাই মোৰ মনটোক আচ্ছন্ন কৰি তোলে। ঊনৈশ আৰু কুৰি শতিকাৰ আগভাগত অসমৰ পৰা কলকাতালৈ যোৱা বহু ছাত্ৰৰ নাম বিভিন্ন কিতাপ আৰু আলোচনীত পাওঁ। সেই নামবোৰৰ মাজত আমাৰ আতাকে ধৰি গোৱালপাৰাৰ পৰা যোৱা ছাত্ৰসকলৰ কাৰো নাম বিচাৰি নাপাওঁ৷ আজিও অনেক অসমীয়াই গোৱালপাৰীয়া মানুহক অসমীয়া বুলি নাভাবে৷ এশ ডেৰশ বছৰ আগতে আতাহঁতক নিশ্চয় বাঙালী বুলি ভবা বাবেই সেই তালিকাত ঠাই পোৱা নাছিল।

বাকীছোৱা জীৱন /১২৯