পৃষ্ঠা:অনিমা গুহ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৪২-১৯২৩ )। তেওঁ সেই ঊনৈশ শতিকাতে ৰাতিৰ এন্ধাৰত বন্ধুসকলক শোৱনি কোঠালৈ মাতি আনি পত্নী জ্ঞানদানন্দিনীৰে চিনাকি কৰি দিছিল। পিছত তেওঁলোকে বম্বেলৈ বদলি হৈ যায়। বিলাততো বহু বছৰ কটায়। উভতি আহি কলকাতাত জ্ঞানদাই ঘোঁৰা চেকুৰাই ফুৰিছিল। আজি আমি যিটো ষ্টাইলত শাৰী পিন্ধো তাৰ আৱিষ্কাৰক জ্ঞানদানন্দিনী। তেওঁলোকৰ আজোনাতি গৌতম চট্টোপাধ্যায় আমাৰ গৃহস্থৰ বন্ধু আছিল। নানা গুণেৰে বিভূষিতা প্ৰগতিশীল জ্ঞানদাৰ বিষয়ে তেওঁ আমাক বহু কথা কৈছিল।

 ৰবীন্দ্ৰনাথে শেষ নিশ্বাস ত্যাগ কৰা কোঠাটোৰ দুৱাৰমুখত থিয় হৈ ভাবিছিলো ইয়াতে বহি তেওঁ নবৌয়েক কাদম্বিনীৰ মৃত্যুৰ পাছত সেই বিখ্যাত গীতটো লিখি সুৰ দিছিল নে? গীতটো মোৰো অতি প্ৰিয়। শুনিলে আজিও মোৰ দুচকু প্লাৱিত হয়—

‘তুমি কি কেবল ছবি, শুধু পটে লেখা?
ওই যে সুদূৰ নীহাৰিকা, যাৰা কৰে আছে ভিড়
আকাশেৰ নীড়...
তুমি কি তাদেৰ মতো সত্য নও?
হায় ছবি, তুমি শুধু ছবি...

 আমাৰ একমাত্ৰ ভাই বাবলুৰ মৃত্যুৰ পাছত হেমন্ত মুখাৰ্জীৰ কণ্ঠত প্ৰথম এই গীতটো শুনি চকুপানী ধৰি ৰাখিব পৰা নাছিলো। আজিও তালৈ মনত পৰিলে নীৰৱে গীতটো গাও।

‘নয়ন সমুখে তুমি নাই, নয়নেৰ মাঝখানে নিয়েছ যে ঠাঁই।
আজি তাই শ্যামলে শ্যামল তুমি, নীলিমায় নীল.…'

 জীৱনৰ যিকোনো পৰিস্থিতিত সুখ-দুখ, আনন্দ-বেদনা, বিপদ-আপদত আশ্ৰয় দিয়ে ৰবীন্দ্ৰনাথে।

 ৰবীন্দ্ৰনাথৰ সমবয়সীয়া নবৌয়েক, জ্যোতিৰিন্দ্ৰ নাথ ঠাকুৰৰ পত্নী কিশোৰী কাদম্বিনী আছিল কিশোৰ ৰবীন্দ্ৰনাথৰ ফ্ৰেণ্ড, ফিলছফাৰ আৰু গাইড। দুয়ো একেলগে ডাঙৰ হৈছিল। তেওঁৰ সৃষ্টিশীল সাহিত্যৰ বিষয়ে আলোচনা কৰিছিল বৌয়েকৰ লগত। বহিৰ্মুখী জ্যোতিৰিন্দ্ৰ নাথে ঘৰতকৈ বাহিৰতে বেছি সময় কটাইছিল। গতিকে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল দেওৰেকৰ লগত। দুয়োৰে মনোজগতত আন কিবা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নেকি জনাৰ উপায় নাই। তেইশ বছৰ বয়সত মৃণালিনীৰ সৈতে ৰবীন্দ্ৰনাথৰ বিয়া হোৱাৰ কিছুদিনৰ পাছত কাদম্বিনীয়ে বিহ খাই আত্মহত্যা

বাকীছোৱা জীৱন / ১২৫