পৃষ্ঠা:অনিমা গুহ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহু আলোচনা-বিলোচনাৰ অন্তত পণ্ডিতসকলে দিগম্বৰীক না গ্ৰহণ না বৰ্জন নীতি মানি চলিবলৈ নিৰ্দেশ দিলে। স্বামীক ভক্তি কৰিবা, সেৱা-যত্ন কৰিবা কিন্তু একেলগে বাস নকৰিবা। তেতিয়াৰ দিনত বিবাহ-বিচ্ছেদ আইন থকা হ'লে তেজস্বিনী নিৰ্ঘাত আদালত পালেগৈহেঁতেন। যি কি নহওক, প্ৰয়োজনত তেওঁ কাষৰ ঘৰটোত থকা স্বামীৰ ওচৰলৈ গৈছিল। কিন্তু দিন-ৰাতি, জাৰ-জহ যেতিয়াই গৈছিল উভতি আহি গা-পা ধুই শুদ্ধ হৈছিল। নিজৰ ওপৰত কৰা অত্যাচাৰৰ ফলত জ্বৰত ভুগি ভুগি মাত্ৰ সাতত্ৰিশ বছৰ বয়সত নিজৰ মতত অটল দিগম্বৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দুদিন আগতে তেৰ বছৰীয়া পুত্ৰৰ মৃত্যুশোকে তেওঁৰ অন্তিমকাল চমুৱাই আনিছিল।

 পত্নীৰ মৃত্যুই দ্বাৰকানাথৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল জানিবৰ উপায় নাই। কিন্তু তাৰ পাছতো তেওঁৰ উন্নতিৰ গ্ৰাফডাল ওপৰলৈ গৈ থাকিছিল। আনহাতে নিজ আদৰ্শ আৰু বিশ্বাসত খামোচ মাৰি থাকি বিখ্যাত এগৰাকী স্বামীৰ সৈতে নীতিগত যুদ্ধত অৱতীৰ্ণ হোৱা আপোচহীন মনোবৃত্তিৰ এনে এগৰাকী নাৰী আজিৰ যুগতো বিৰল।

 দ্বাৰকানাথ কেৱল গুণীয়ে নহয় দেখাতো আছিল বৰ সুপুৰুষ। বিলাতত থকাৰ সময়ত মহাৰাণী ভিক্টোৰিয়াৰ লগত তেওঁৰ এটা মিঠা সম্পৰ্ক গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।

 দ্বাৰকানাথ আৰু দিগম্বৰীৰ দৰে দুগৰাকী বিৰল ব্যক্তিত্বৰ জিন তথা ক্ৰমজ’মে তেওঁলোকৰ প্ৰতিজন উত্তৰাধিকাৰীক খ্যাতিৰ শীৰ্ষলৈ তুলি যে নিছিল তাত কোনো সন্দেহ নাই।

 এই চৌহদতে প্ৰতিষ্ঠিত হৈছে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়খন। বৰ্তমানে প্ৰসাৰ লাভ কৰা বাবে বিশ্ববিদ্যালয়ৰ আন এটা চৌহদ নিৰ্মিত হৈছে উত্তৰ কলকাতাৰ বি টি ৰোডত।

 শিখা আৰু মই মন্ত্ৰমুগ্ধৰ দৰে ইফালৰ পৰা সিফাললৈ গৈ ইতিহাস বিচাৰি ফুৰিছিলো। যিটো হলঘৰত মঞ্চ সাজি বাল্মিকী প্ৰতিভা, মায়াৰ খেলা আদি বিভিন্ন নাটকত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল তাত থিয় হৈ মানস চকুৰে কত কি যে দেখিলো! দৰ্শকৰ আসনত জিলিকি থকা গুণাভিৰামৰ কন্যা স্বৰ্ণলতাকো দেখা পালো।

 পাশ্চাত্যৰ আলোকপ্ৰাপ্ত ঘৰখনত লিংগ-বৈষম্য দূৰ কৰিবলৈ প্ৰথমতে আগবাঢ়ি আহিছিল ভাৰতৰ প্ৰথম আই চি এছ ৰবীন্দ্ৰ নাথৰ মাজু ককায়েক সত্যেন্দ্ৰ নাথ ঠাকুৰ

১২৪/ বাকীছোৱা জীৱন