পৃষ্ঠা:অনিমা গুহ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আবিৰ্ভাৱে পৰিয়ালত সৃষ্টি কৰিলে ধুমুহাৰ। নতুন ভাৱধাৰাক দ্বাৰকানাথে আঁকোৱালি ল'লেও চাৰিটাকৈ পুত্ৰ সন্তানৰ নিষ্ঠাৱতী মাতৃ দিগম্বৰী নিজৰ ধৰ্মবিশ্বাস আৰু ৰীতি-নীতিত বিশ্বাসী হৈয়ে থাকিল। ইয়াকে লৈ পতি-পত্নী দুয়োৰে মাজত দেখা দিলে আদৰ্শৰ সংঘাতে। ব্যক্তিত্বসম্পন্না মহিলাগৰাকী কিন্তু স্বামীৰ কথাত উঠ-বহ কৰা প্ৰকৃতিৰ নাছিল।

 ব্ৰাহ্মধৰ্মৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ৰ সান্নিধ্যলৈ অহাৰ পাছত দ্বাৰকানাথৰ পৰম্পৰাগত ধৰ্মবিশ্বাসত প্ৰবল জোকাৰণি উঠে। পূজা কৰি থকা অৱস্থাত ৰামমোহন তেওঁলোকৰ পদুলিমুখ পাইছেহি বুলি শুনিলে তেওঁ হেনো পূজা অসমাপ্ত ৰাখি আলহীক আদৰিবলৈ গৈছিল। ৰামমোহনৰ দ্বাৰা অনুপ্ৰাণিত নিৰামিষাহাৰী বৈষ্ণৱ সন্তান দ্বাৰকানাথে গুৰুৰ অনুকৰণত পঠা ছাগলীৰ মাংস ভক্ষণ আৰু শ্যেৰী পান পৰ্যন্ত কৰিছিল। এনে ‘কুসংগ’ৰ পৰা স্বামীক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰি দিগম্বৰী বিফল হৈছিল। ইতিহাসত অমৰ হৈ থকা ৰাজা ৰামমোহন কিজানি মহিলাগৰাকীৰ দৃষ্টিত আছিল এজন নৰাধম।

 ঘৰৰ প্ৰতিকূল পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ পৈতৃক ঘৰৰ কাষতে দ্বাৰকানাথে নিজ ৰুচিমতে সাজিছিল এটা অট্টালিকা। গৃহ প্ৰৱেশলৈ আমন্ত্ৰিত হৈছিল ইংৰাজ চাহাব-মেমসকলো। সেই আনন্দ উৎসৱত ইংৰাজী বাজনাৰ তালে তালে নৃত্য-গীত অনুষ্ঠিত হৈছিল। ভোগবিলাসৰ চুড়ান্ত শিখৰত উঠিলেও মাক জীয়াই থকালৈকে ইউৰোপীয়সকলৰ লগত একেখন টেবুলত আহাৰ কৰা নাছিল দ্বাৰকানাথে। ১৮৩৮ চনত মাকৰ মৃত্যুৰ পাছত তেওঁ হৈ উঠে বেপৰোৱা। পত্নীকনো কোনে গুৰুত্ব দিয়ে!

 স্বামীৰ ‘অনাচাৰ'ৰ কথা দিগম্বৰীয়ে প্ৰথমতে বিশ্বাস কৰা নাছিল। এদিন নিজ চকুৰে দেখি প্ৰচণ্ড আঘাত পালেও বিৰল ব্যক্তিত্বৰ অধিকাৰিনী দিগম্বৰী ভাগি নপৰিল। স্বামীক স্বধৰ্মলৈ ঘূৰাই অনাত বিফল মানুহগৰাকীয়ে চকুৰ সন্মুখত দুটা পথ দেখিবলৈ পালে— হয় স্বামীক ত্যাগ কৰি কুলধৰ্মমতে চলা, নহয় কুলধৰ্ম ত্যাগ কৰি স্বামীৰ ধৰ্ম গ্ৰহণ কৰা। এই কঠিন সিদ্ধান্ত নিজে লোৱাৰ পৰা বিৰত থাকি তেওঁ বিশিষ্ট ব্ৰাহ্মণ পণ্ডিতসকলৰ মতামত বিচাৰিলে— যি স্বামীয়ে কুলধৰ্ম ত্যাগ কৰি বিদেশীৰে সৈতে উঠ-বহ কৰে, নিষিদ্ধ খাদ্য তেওঁলোকৰ লগত বহি খায় তেনে স্বামীৰ লগত বাস কৰা উচিত নে?

 পণ্ডিতসকলৰ মূৰত যেন ৰামটাঙোন পৰিল। এনে কঠিন সমস্যাৰ মুখামুখি হোৱা নাছিল কেতিয়াও৷ তেওঁলোকৰ পুথি-পত্ৰতো বোধকৰো তাৰ কোনো বিধান নাছিল।

বাকীছোৱা জীৱন / ১২৩