পৃষ্ঠা:অনিমা গুহ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰূহ কাম। আনন্দৰামৰ পাছতে এই কাৰ্যত অৱতীৰ্ণ হয় বিশেষকৈ গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা ( ১৮৩৬-১৮৯৬ )। সঁচা কথা ক'বলৈ গ'লে গুণাভিৰাম মোৰ প্ৰিয় পুৰুষ। তেওঁ কেইবাটাও ক্ষেত্ৰত ৰক্ষণশীল সমাজৰ বিৰুদ্ধে গৈ নিজৰ জীৱনত ‘উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ প্ৰতিষ্ঠা কৰিছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহি তেওঁৰ দ্বাৰা প্ৰভাৱিত গুণাভিৰামে বিয়া কৰাইছিল দুজনী ছোৱালীৰ মাক এগৰাকী বিধৱা মহিলাক, ১৮৭০ চনত। এই বিয়া তেওঁ ৰেজেষ্ট্ৰিও কৰাইছিল। এইখনেই আছিল অসমত প্ৰথম ৰেজেষ্ট্ৰি বিয়া। হিন্দু ধৰ্মৰ ৰক্ষণশীলতাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ তেওঁ ৰামমোহন ৰায় প্ৰৱৰ্তিত ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰে। ১৮৮০ চনত আঠবছৰীয়া জীয়াৰী স্বৰ্ণলতাক কলকাতাৰ বেথুন স্কুলত ভৰ্তি কৰাই অসমত স্ত্ৰী শিক্ষাৰ বাট মুকলি কৰে। কুৰি শতিকাৰ প্ৰথমৰ ফালে অসমৰ প্ৰগতিশীল পৰিয়ালৰ কেইবাগৰাকী ছাত্ৰী সেইখন স্কুলত আৰু একে নামৰ কলেজখনত পঢ়িছিল। মোৰ কটন কলেজৰ সহপাঠী মায়া কুণ্ডু বেথুন কলেজত অধ্যাপিকা হৈ থাকোতে মই এবাৰ তাইৰ লগত গৈ কলেজখন চাই আহিছিলো। আমাৰ মাৰ খুৰীয়েক সৰোজিনী চৌধুৰী ডিব্ৰুগড়ৰ এটা প্ৰগতিশীল পৰিয়ালৰ জীয়াৰী। ১৯২৬ চনত তেওঁ বেথুনৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। তাৰ পাছত ইন্দিৰা মিৰি, নৰ্মদা চৌধুৰী আৰু অমলপ্ৰভা দাসো স্নাতক হৈছিল একেখন কলেজৰ পৰা।

 বামপন্থী নেত্ৰী সুলেখিকা অঞ্জলি লাহিড়ী বাইদেউৰ মাক সুৱৰ্ণপ্ৰভা দাসক (১৮৯০-১৯৬৪) তেওঁৰ বিদ্যোৎসাহী মাতৃ শাৰদামঞ্জৰীয়ে ১৯০০ চনত ন বছৰ বয়সত শ্বিলঙৰ পৰা বেথুন স্কুললৈ পঠায় শিক্ষা কৰিবলৈ। তেওঁ শ্বিলঙৰ পৰা পাঁচ টকা ভাড়াত গৰুৰ গাড়ীৰে আহিছিল গুৱাহাটীলৈ।

 অসমৰ ছাত্ৰ-ছাত্ৰী বা অন্যান্য যাত্ৰীসকলে ৰে’ললাইন নথকা বাবে ব্ৰহ্মপুত্ৰইদি জাহাজেৰে ভটিয়াই গৈছিল বংগৰ গোৱালন্দ বন্দৰলৈ। তাৰ পৰা ৰে'লেৰে গৈছিল কলকাতালৈ। আমাৰ আতা গৌৰমোহনেও গোৱালপাৰাৰ জাহাজঘাটত জাহাজত উঠি কলকাতালৈ গৈছিল কলেজত শিক্ষাগ্ৰহণ কৰিবলৈ।

 এটা শতাব্দীতে বিজ্ঞানৰ দ্ৰুত উন্নতিৰ ফলত যোগাযোগ ব্যৱস্থাৰ কল্পনা কৰিব নোৱৰা উন্নতি হ’ল। আজিৰ দ্ৰুতগামী ৰে'ল নাইবা বিমানেৰে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পূৰ্বসুৰীসকলৰ কষ্টকৰ যাত্ৰাৰ বিষয়ে অৱগত নে? আমিও ৬০/৬৫ বছৰ আগতে কটন কলেজত পঢ়োতে লেহেমীয়া গতিত কয়লাৰ ইঞ্জিনে টনা ৰে’লত গুৱাহাটীলৈ আহিছিলো। তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি

বাকীছোৱা জীৱন /১২১