পৃষ্ঠা:অনিমা গুহ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিনটোত মই আশাৰ ৰেঙণি বিচাৰি পাওঁ।’ নাৰীক শিক্ষিত কৰি পূৰ্ণ মানৱৰ মৰ্যাদা দিবলৈ তেওঁ প্ৰতিজ্ঞাৱদ্ধ হৈছিল। আনহাতে নাৰীৰ শিক্ষাৰ বিৰুদ্ধে উঠিছিল প্ৰতিবাদৰ ধুমুহা। বুদ্ধিহীন স্ত্ৰীজাতিক বিদ্যা-শিক্ষা? ই যে হাস্যকৰ কথা। মানুহৰ দৃঢ় বিশ্বাস আছিল যে নাৰী শিক্ষিতা হলে স্বামী স্বল্পায়ু হয়। কাণ্টৰ ( ১৭২৪-১৮০৪ ) দৰে জাৰ্মান দাৰ্শনিকেও নাৰীৰ বোধশক্তিক ব্যংগ কৰিছিল। মেডাম কুৰীয়ে আগবয়সত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিব পৰা নাছিল, কাৰণ তিৰোতা জাতিৰ বাবে সেই শিক্ষাৰ দুৱাৰ আছিল বন্ধ। আমেৰিকাৰ নাৰীমুক্তিৰ ধ্বজাধাৰিনী মেধাৱী এলিজাবেথ কেডি ষ্টেনটন ( ১৮১৫-১৯০২ ) কলেজীয়া শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল, কাৰণ আমেৰিকাত কলেজৰ দুৱাৰ বন্ধ আছিল নাৰীৰ বাবে।

 সি যি কি নহওক, প্ৰবল জনমতৰ প্ৰত্যুত্তৰত ৰামমোহনে জনাইছিল যে নাৰীক শিক্ষাদানেই যেতিয়া কৰা হোৱা নাই বা তেওঁলোকৰ জ্ঞান সম্পৰ্কে আলোচনাই কৰা হোৱা নাই, তেনেস্থলত প্ৰতিবাদকাৰীসকলে জানিলে কেনেকৈ যে স্ত্ৰী-জাতি বুদ্ধিহীন! বৈদিক যুগৰ গাৰ্গী আৰু মৈত্ৰেয়ী তথা কালিদাসৰ পত্নীয়ে প্ৰমাণ নকৰে নে যে নাৰী বুদ্ধিহীন নহয়। বৈদিকযুগীয় অৱস্থাৰ পৰা বিচ্যুত নাৰীয়ে সামন্তযুগত পুনৰ প্ৰৱেশ কৰিছে ঘোপমৰা এন্ধাৰৰ মাজত। ৰামমোহনৰ মতৰ বিৰুদ্ধে ৰাইজ ইমানে অসহিষ্ণু হৈ উঠে যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। সশস্ত্ৰ আক্ৰমণৰ পৰা তেওঁক ৰক্ষা কৰে মণ্টেগ’মাৰি মাৰ্টিন নামৰ এজন যুৱকে। ইমানৰ পিচতো ৰামমোহনৰ কণ্ঠ ৰোধ কোনেও কৰিব নোৱাৰিলে। নাৰীসত্তাক প্ৰথম স্বীকৃতি দিয়া ৰামমোহনে সোঁতৰ বিপৰীতে সাঁতুৰি ইতিহাসত সংযোজন কৰিলে এক নতুন অধ্যায়। সতীদাহ প্ৰথা ৰোধ কৰাৰ আঁৰতো আছিল ৰামমোহনৰ অৱদান। নাৰী শিক্ষাৰ প্ৰসাৰ তথা কিছুমান সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনত নেতৃত্ব দিছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে ( ১৮২০-১৮৯১ )। তেঁৱো সমাজৰ তথাকথিত শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ প্ৰচণ্ড বাধাৰ বিৰুদ্ধে গৈ বিধৱা বিবাহ আইন সিদ্ধ কৰে। দ্বাৰকানাথ গাংগুলিৰ ( ১৮৪৪-১৮৯৮ ) আশাশুধীয়া চেষ্টাৰ ফলত নাৰীৰ বাবে মুকলি হয় কলকাতা মেডিকেল কলেজৰ দুৱাৰ।

 অসমলৈ অহাৰ প্ৰায় এটা শতাব্দী আগতে ইংৰাজসকল বংগলৈ আহিছিল বাবে বাঙালী সমাজে আমাৰ আগতে আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ ইউৰোপীয় ৰেনাছাঁ বা নৱোন্মেষণৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছে। সেই সময়ত নানা দুৰ্যোগত জুৰুলা অসমৰ দুই-চাৰিজনমান ব্যক্তিৰ মনতো আধুনিক চেতনাৰ উন্মেষ

বাকীছোৱা জীৱন /১১৯