পৃষ্ঠা:অনিমা গুহ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুইত পাৰৰ গীত

.... শাওণত শুনো মই যৌৱনৰ গান
কলঙৰ কল্লোলত, পৰ্বতীয়া নিজৰাৰ শুৱলা ধ্বনিত।
আলি দিয়া জুমখেতি বুকু পাতি ধৰি ৰাখে পানী,
ভৈয়ামৰ ভিজা মাটি সীৰলু সীৰলু হয়।
নাঙলৰ ফালৰ মুখত,
লুইতৰ গতিবেগে শিলায়ম গৰাকো খহায়।
এয়েতো মোৰ দেশ, শান্তিৰ নিবিড় নীড় অসম মোৰ,
হিয়াৰ আমঠু মোৰ ইয়াৰেই নদীবন ভৈয়াম পাহাৰ।
.... .... .... ....’

 নিজৰ ঘৰখনক ভালনো নাপায় কোনে? পিছে গৃহস্থৰ দৰে মোৰ তীব্ৰ আকৰ্ষণ নাই। থাকিব কেনেকৈ? মই যে পিতৃতান্ত্ৰিক সমাজৰ বিবাহিতা নাৰী। আমি হ'লো গৃহহীন। আমাৰ পিতাৰ ঘৰ আছে। শহুৰৰ ঘৰ আছে, মামাৰ ঘৰ আছে কিন্তু নিজা ঘৰ নাই। গতিকে সমগ্ৰ বিশ্বখনকে নিজা ঘৰ বুলি ভাবো। সেইফালৰ পৰা ভাবিবলৈ গ’লে মই এক বিশ্ব নাগৰিক। তথাপি বাই-ভনী, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক লগ পাম বুলি ভাবি ধীৰে ধীৰে মোৰো মন গুৱাহাটীমুখী হ’বলৈ ধৰিলে।

 ইমানৰ পিছতো কিন্তু এটা বিচ্ছেদ-বেদনাই হৃদয়ৰ কোনোবা এটা চুকক বেদনাৰ্ত কৰি তুলিলে। যিখন কলকাতাক কুৰি বছৰ আগতে আহি অসহ্য যেন লাগিছিল, সেইখন ঠাই এৰিব লাগিব শুনি নিজকে কিয় দেউলীয়া যেন লাগিছে। বিচিত্ৰ মানুহৰ মন!


বাংময় হৈ উঠে ইতিহাস

 কলকাতাৰ পৰিবেশত এটা যাদু আছে। ওঠৰ-ঊনৈশ শতিকাতে পছিমৰ ৰেনাঁছাৰ আলোকেৰে আলোকিত হৈছিল কলকাতা। ইয়াৰ আকাশে-বতাহে মই বিচাৰি ফুৰো ৰাজা ৰামমোহন ৰায়ক (২২/৫/১৭৭২-২৭/৯/১৮৩৩), তিৰোতা জাতিটোৰ প্ৰতি নিৰ্দয়, নিষ্ঠুৰ সমাজৰ বিৰুদ্ধে যাৰ কণ্ঠ প্ৰথম ধ্বনিত হৈছিল। তিব্বতীয় ধৰ্মগুৰু দালাই লামাই কোৱাৰ দৰে ৰামমোহনেও সম্ভৱতঃ উপলব্ধি কৰিছিল, ‘আটাইতকৈ অন্ধকাৰাচ্ছন্ন

১১৮/ বাকীছোৱা জীৱন