পৃষ্ঠা:অনিমা গুহ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰাণ্টছ কমিছনৰ ৰিছাৰ্চ এছ'চিয়েট পদত কাম কৰি আছিলো। সেইটো টাৰ্ম শেষ হ’বলৈ কেইমাহমান বাকী আছিল। আন এটা টাৰ্মৰ বাবে চেষ্টা নকৰি ময়ো সকলো সামৰি ১৯৯১ চনৰ মাজ ভাগত গুৱাহাটীমুৱা হ'বলৈ প্ৰস্তুত হ'লো। অনেকে আশা কৰিছিল গৃহস্থ তাতেই থাকিব, উপযাচি দুই-চাৰিজনে ফ্লেটৰ সন্ধানো দিছিল। কিন্তু তেওঁৰ এক কথা— অসমলৈ উভতি যাব। মই তেওঁলোকক এওঁৰ অসম সম্পৰ্কে লিখা অসমীয়া আৰু বাংলা কবিতা দুটা গাই শুনাইছিলো তেওঁৰ অসমৰ প্ৰতি থকা নিবিড় প্ৰেমৰ বান্ধোনৰ বিষয়ে উপলব্ধি কৰাবলৈ।

লুইত পাৰেৰ গাথা

এখানে স্বপ্নেৰ মতো আমাৰ সত্তাৰ সাথে
জড়ানো, ছড়ানো এক দেশ—
আমি ভালোবাসি তাৰ বনৰাজি নীল পৰিবেশ।
কখনও শীতেৰ সাঁঝে বুনো হাঁস ঝাঁক বেঁধে ওড়ে,
কমলাৰ কুঞ্জে কুঞ্জে ৰসলুব্ধ মৌমাছিৰ ভিড়,
ৰূপালি আশাৰ মতো বৰফ নিবিড়
ভূটান পাহাড় চূড়া ঝিলকিয়ে ওঠে!
কখনও বা প্ৰথম বৈশাখে
শিপিনী কুমাৰী সাজে আনকোৰা ৰিহা-মেখেলায়
ফাটা শিমুলেৰ মতো কিষানেৰ উড়ে চলে মন,
বহাগীৰ আমন্ত্ৰণ
... ... ... ... ... ...
এই তো আমাৰ দেশ—
শান্তিৰ নিবিড় নীড় আমাৰ অসম
আমাৰ নাড়িতে জাগে এৰ যত নদীবন পাহাড় ভৈয়াম!
... ... ... ... ... '

 অসমীয়াত লিখা একেটা কবিতাৰ পৰা কেইশাৰীমান তুলি ধৰিলো—

বাকীছোৱা জীৱন / ১১৭