পৃষ্ঠা:অনিমা গুহ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিকলপনা তেনেকুৱাই। ইম্ফলত জন্মগ্ৰহণ কৰিলেও তেওঁ আঠ-ন বছৰ বয়সৰ পৰা গুৱাহাটীতে ডাঙৰ হৈছে। কটন কলেজত আই এ পঢ়ি থাকোতে অসমত বিশ্বযুদ্ধৰ বিধ্বংসী পৰিবেশে তেওঁলোকৰ পৰিয়ালটোৰ মহিলা আৰু ল'ৰা-ছোৱালীক পূৰ্ববংগৰ ঘৰলৈ যাবলৈ বাধ্য কৰে আৰু গৃহস্থ ভৰ্তি হয় শ্ৰীকাইল নামৰ জকাইচুকীয়া গাঁওখনৰ কলেজত। তালৈ হেনো নাৱত উঠিহে যাব লাগিছিল। অনুন্নত এলেকা হ'লেও কলেজখনত শিক্ষকতা কৰিছিল কেইগৰাকীমান মেধাৱী অধ্যাপকে। তেতিয়াৰ যুগত কলেজৰ সংখ্যা আছিল কম। গতিকে তেওঁলোকে নাম নথকা কলেজতে অধ্যাপনা কৰিবলৈ আহিছিল। সেই সময়ত তাত আছিল অসমৰ সৈতে সম্পৰ্ক থকা কান্তি চৌধুৰী নামৰ এগৰাকী অধ্যাপক। কান্তিৰ পত্নী সুজাতা ৰায় ১৯২৯ চনত কটন কলেজত ভৰ্তি হোৱা প্ৰথমগৰাকী ছাত্ৰী। এই লেখিকাৰ স্মৃতিকথাৰ প্ৰথম খণ্ডতে উল্লেখ কৰা হৈছে যে সুজাতাৰ আইতাক স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কান্তি চৌধুৰীয়ে কোনোবা এটা সময়ত বৰপেটা কলেজতো অধ্যাপনা কৰিছিল। শ্ৰীকাইল কলেজত আন এগৰাকী অধ্যাপক আছিল গৃহস্থৰ ভিনীহিয়েক। সংস্কৃত ভাষাত তেওঁ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তাৰ পৰা তেওঁ বেনাৰছলৈ যায়গৈ। যি কি নহওক চাৰি-পাঁচমাহ মান শ্ৰীকাইল কলেজত পঢ়া-শুনা কৰি গৃহস্থ ঢাকাৰ দাঁতিকাষৰীয়া মুন্সিগঞ্জ কলেজলৈ গৈ তাৰ পৰা আই এ পাছ কৰে বিশ্ববিদ্যালয়ত চতুৰ্থ স্থান অধিকাৰ কৰি। তাৰ পিছত বি এ, এম এ পাছ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা।

 গৃহস্থই য’তেই নপঢ়ক, য’লৈকে নাযাওক তেওঁৰ মন পৰি থাকে অসমত। বোধকৰো দেউতাক-মাক আৰু ককায়েকহঁতৰ ইচ্ছা আছিল মেধাৱী ভায়েকে কোনো প্ৰশাসনীয় বিভাগত সোমাওক। পিছে স্কুলৰ ছাত্ৰাৱস্থাৰ পৰা তেওঁ ঢাল খায় মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি। যিকোনো কাৰণৰ বাবেই নহওক এম এ পাছ কৰি আহি তেওঁ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগ দিছিল। আঠ-ন বছৰ তাত কাম কৰাৰ পাছত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ দিল্লীৰ ‘স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজ' নামৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে। তেতিয়াই আমাৰ বিয়া হয়। তাৰ পাছৰ আমাৰ ঘৰুৱা জীৱনৰ কাহিনী মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ডত লিখা হৈছে।

 ১৯৯০ চনত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ'চিয়েল ছায়েন্স’ প্ৰতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা পখীটো নিজৰ নীড়লৈ আহিবলৈ ব্যস্ত হৈ পৰিল। সেই সময়ত মই কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ইউনিভাৰ্ছিটি

১১৬/ বাকীছোৱা জীৱন