পৃষ্ঠা:অনিমা গুহ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে
 বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে।
 এষঃ সচন্দন পুষ্প বিল্ল পত্ৰাঞ্জলী
 নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ॥'

 সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্ৰস্থান কৰিলো।

 পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধৰ্মী সাহায্যকাৰিনীজনীয়ে। দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন।

 মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধৰ্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি-কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল।

 সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপাৰ্জনশীল বাবেই হেনো তাইৰ ইমান আস্পৰ্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্ৰ মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ

১১৪/ বাকীছোৱা জীৱন