পৃষ্ঠা:অনিমা গুহ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তথা শৰীৰাণি ৱিহায় জীৰ্ণানি
 অন্যানি সংযাতি নৱানি দেহী॥

 (অসমীয়ালৈ অনুবাদ, মহেন্দ্ৰ বৰা)
 পুৰণি সাজটো ফাটি-ছিটি গ'লে মানুহে যিদৰে
 সেইটো সলাই পিন্ধে নতুন এসাজ,
 আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱলি গ'লে
 আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ।

 তাৰ পিছত নিজৰ অজ্ঞাতে ধীৰে ধীৰে আত্মাৰ প্ৰতি অবিশ্বাসী হ’লো, বোধকৰো জিন, ক্ৰমজ’ম, ডি এন এ আদিৰ ভিতৰলৈ সোমোৱাৰে পৰা। বৰ্তমানে কট্টৰ যুক্তিবাদী হৈছো। আত্মাবিশ্বাসী দুই-এজনে মোক পুতৌ কৰি মোকো বিশ্বাসী কৰি তুলিবলৈ চেষ্টা কৰে। অযথা মোৰ সময় নষ্ট কৰা বাবে গালিও খায়।

 মৰণোত্তৰ দেহদানতো কৰিয়ে থৈছো। শ্ৰাদ্ধ-ট্ৰাদ্ধ নকৰিবলৈকো কোৱা হৈছে। এই প্ৰসংগত মোৰ ডাঙৰ জা এগৰাকীলৈ মনত পৰিছে। মেট্ৰিক পাছ কৰাৰ পাছতে তেওঁৰ বিয়া হৈছিল। ঘৰ-গৃহস্থালিক কেন্দ্ৰ কৰিয়ে তেওঁ জীৱন কটাইছে। সমাজৰ ৰীতি-নীতি মানি চলা মহিলাৰ দৰেই লাগিছিল তেওঁক। তেওঁৰ মৃত্যুৰ পাছতহে পুতেক-জীয়েকৰ মুখে জানিব পাৰিলো যে শ্ৰাদ্ধাদি কাৰ্যত তেওঁ অবিশ্বাসী। পিছে ঘৰত কিবা এটা অনুষ্ঠান নকৰিলে পৰিয়ালৰ মানুহৰ ভাল নালাগিব বাবে পূজা এভাগ কৰিবলৈ কৈ থৈছিল। মাকৰ কথামতে তেওঁৰ মৃত্যুৰ পাছত শ্ৰাদ্ধৰ সলনি মাতৃপূজা কৰে পুত্ৰ-কন্যাই।

 যি কি নহওক, চকু মুদাৰ পাছত কোনোবা অচিন দেশত আকৌ সকলোৰে লগত দেখা-সাক্ষাৎ হ’ব, কথাষাৰ কল্পনা কৰিবলৈ ভালেই লাগে।

 মা আছিল অজাতশত্ৰু। তেওঁক শ্ৰদ্ধা নকৰা মানুহ কমেই আছিল। শেষ বয়সত তেওঁ সাইবাবাৰ ভক্ত হৈছিল। কোকৰাঝাৰত এটি মন্দিৰ নিৰ্মাণ কৰিবলৈ অলপ মাটি দান কৰিছিল। তাতেই নিৰ্মিত হয় সাই মন্দিৰটো।

গুহ পৰিয়ালত মৃত্যুৰ সমদল : আশী চনত শাহু আইৰ মৃত্যুৰ পাছত অগা-পিছাকৈ তেওঁৰ তিনিপুত্ৰ — জ্যেষ্ঠ যোগেশ্বৰ গুহ, মাজু অৰ্ধেন্দু গুহ আৰু তৃতীয় সুধেন্দু গুহ প্ৰয়াত হয়। তেওঁলোকৰ পিছতে আমি হেৰুৱালো মাজু জা বীণা

১১০/ বাকীছোৱা জীৱন