পৃষ্ঠা:অনিমা গুহ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাসৰ ফোনত পালো সেই হৃদয় বিদাৰক বাতৰিটো। মাত্ৰ ছদিন আগতে ধুবুৰীলৈ গৈ আত্মীয়-স্বজনক লগ পাই আহিছে। হঠাতে নৰিয়াপাটীত পৰি তিনিটা দিনৰ পাছত গুচি গ'ল অচিন দেশলৈ। বয়স হৈছিল ৭৭ বছৰ। মা পৃথিৱীৰ মধুৰতম শব্দ। সেই মাক চিৰদিনলৈ হেৰুৱালো।‘কোনে মোক তুলি তালি কৰিলে ডাঙৰ/মৌসনা মিঠামাতে পাহৰি ভাগৰ।’ আজিও ভাবিব নোৱাৰো মা নাই বুলি।

 পত্নী সাবিত্ৰীৰ কোলাত প্রিয়দর্শিনী জ্যেষ্ঠ কন্যাক প্রথমদিনা দেখাৰ পাছত কবি-সাহিত্যিক কেশৱ চন্দ্ৰ চৌধুৰীয়ে শিশুটিৰ নাম দিছিল নীহাৰিকা। অতি মধুৰ স্বভাৱৰ সেই নীহাৰিকা আছিল আমাৰ মা। পঢ়া-শুনাৰ ক্ষেত্ৰত মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাছিলো। ছোৱালীৰ শিক্ষাৰ বাবে স্কুল নথকা কোকৰাঝাৰত দেউতা আৰু মায়ে আছিল আমাৰ প্ৰথম শিক্ষক। তেওঁলোক দুয়ো এটা সংস্কৃত শ্লোক আমাৰ মগজুত স্থায়ীৰূপে সুমুৱাই দি গৈছে।

 ‘ৰূপযৌৱন সম্পন্না বিশালকুলসম্ভৱাঃ
 বিদ্যাহীনাঃ ন শোভন্তে নির্গন্ধা ইব কিংসুকাঃ।

 মাৰ কথা ভাবি ভাবি কোকৰাঝাৰ আহি পালো। চিনাকি ষ্টেচন, চিনাকি বাট-পথ, চিনাকি ঘৰ-দুৱাৰ, মাৰ তাঁতৰ শাল, গোঁসাই ঘৰ, ফুলনি, লেচু গছবোৰ। সকলো আছে, কেৱল নাই জন্মদাত্রী মাজনী। নাই, তেওঁৰ প্ৰাণহীন দেহটোহে নাই। তেওঁ জীয়াই আছে আমাৰ প্ৰাণত। আমাৰ হৃদয়ত। তথাপিতো কিয় সেই হৃদয় আকাশত জমে মেঘ, কিয় দুচকুৰে বৈ আহে শাওণৰ ঢল। সিদিনা উপলদ্ধি কৰিছিলো ১৯৪১ চনত আবুৰ প্ৰাণহীন দেহটোও দেখা নোপোৱা সৰু খুৰাই কিয় ৰে'লৰ পৰা নামি শ্মশানলৈ যাবলৈ উদ্যত হৈছিল।

 মৰমৰ আবুয়েকৰ দেহাৱসানৰ বাতৰি পাই আমেৰিকাৰ পৰা জয়ে লিখিছিল—যিসকলে আত্মা বা স্বৰ্গ বিশ্বাস কৰে তেওঁলোকৰ এটা আশা থাকে যে এদিন দেখা হ’ব। তোমালোকে সৰুৰে পৰা মোক যুক্তিবাদী হিচাপে ডাঙৰ কৰিলা। কিন্তু তেওঁ মোৰ অন্তৰত অমৰ হৈ থাকিব।

 শোক-তাপ পাহৰাই মানুহৰ মনত প্ৰশান্তি আনিবলৈকে হ’বলা আত্মা, অমৃতলোক, স্বৰ্গ আদি ধাৰণাৰ সৃষ্টি হৈছিল। ১৯৫৪ চনত দেউতাৰ পৰলোকগমনৰ সময়ত মই আত্মাক বিশ্বাস কৰিছিলো। বিশ্বাস কৰিছিলো গীতাৰ বিখ্যাত শ্লোকটো—

 ৱাসাংসি জীর্ণানি যথা ৱিহায়
 নৱানি গৃহ্নাতি নৰোহপৰাণি।

বাকীছোৱা জীৱন / ১০৯