পৃষ্ঠা:অনিমা গুহ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গান্ধীৰ কেবিনেটত শিক্ষামন্ত্ৰী আছিল। ইতিহাসবিদ হোৱা বাবে স্বাভাৱিকতেই আছিল আমাৰ গৃহস্থৰ চিনাকি। তেওঁক প্ৰথমতে পাইছিলো চিমলাত। চিমলাৰ চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজত অনুষ্ঠিত এখন সভাত যোগ দিবলৈ গৃহস্থৰ সৈতে ময়ো গৈছিলো। যিমানদূৰ মনত পৰে তেতিয়া প্ৰতিষ্ঠানটোৰ সঞ্চালক আছিল অধ্যাপক নীহাৰঞ্জন ৰায়। মানুহজনে সদায় টিপ্‌টপ পোছাক পিন্ধি থাকে, কোটৰ বাটন হ’লত এপাহ ফুলো গুজি লয়। ব্ৰিটিছৰ শাসনকালত তেওঁলোকৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল চিমলাত। গৱৰ্ণৰ জেনেৰেলৰ প্ৰাসাদোপম বাসভৱনটোতে স্বৰাজোত্তৰ কালত চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ প্ৰতিষ্ঠানটো স্থাপিত হয়। সেই প্ৰাসাদতে আমি কেইদিনমান মহা আৰামত কটাইছিলো, বিশেষকৈ চেমিনাৰত অংশগ্ৰহণকাৰী স্বামীসকলৰ পিছে পিছে লেংবোটৰ (longboat) দৰে যোৱা আমি মহিলাসকলে। কাম নাই বন নাই, ৰন্ধাবঢ়াৰ চিন্তা নাই, কেৱল ফুৰা-চকা কৰা আৰু ফুলৰ বাগিচাত বহি প্ৰাকৃতিক শোভা উপভোগ কৰাই আছিল একমাত্ৰ কাম। গধূলি পণ্ডিতসকলৰ কেইগৰাকীমান আমি থকা কোঠাটোত সমবেত হৈছিল আড্ডা মাৰিবলৈ। এওঁলোকৰ মধ্যমণি আছিল নৃতত্ববিদ গৌৰাংগ চট্টোপাধ্যায়। তেওঁৰ জোলোঙাত আছে সীমাসংখ্যাহীন মজাৰ মজাৰ কাহিনী। তেওঁৰ ককায়েক ইতিহাসবিদ গৌতমদাও কম ৰসিক ব্যক্তি নহয়। অথচ এওঁলোকক চেমিনাৰত গহীন-গম্ভীৰ হৈ বহি আলোচনাত অংশগ্ৰহণ কৰা দেখিলে কোনে ক’ব তেওঁলোকে ফুচুৰি কথাও ক’ব জানে। আন এগৰাকী ৰসিক আছিল ভূগোলবিদ সত্যেশ চক্ৰৱৰ্তী।

 এদিন নীহাৰৰঞ্জন ৰায়ৰ ঘৰত সকলোকে ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল। অতিথিসকলক নিবলৈ কেইবাখনো গাড়ীৰ ব্যৱস্থাও কৰা হৈছিল। আমি যোৱা গাড়ীখনৰ আগফালৰ আসনত চালকৰ কাষত বহিছিল অধ্যাপক নুৰুল হাছান। উঠোতে বহোতে তেওঁ বৰ কষ্ট পোৱা যেন লাগিছিল, কাৰণ তেওঁৰ দেহৰ ভাৰ আছিল সাধাৰণতকৈ বহু বেছি। অভিজাত পাৰিবাৰিক ঐতিহ্য গৰিমাই অধ্যাপকগৰাকীৰ মাজত গঢ়ি তুলিছিল ৰুচি আৰু নম্ৰতাবোধৰ। মৃদুভাষী, সংস্কৃতিৱান মানুহগৰাকী সকলোৰে শ্ৰদ্ধাৰ।

 পশ্চিমবংগৰ গৱৰ্ণৰ হৈ থাকোতে অধ্যাপক হাছানে আমাক এবাৰ গৱৰ্ণৰ হাউছত ডিনাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ খাদ্যৰসিক বুলি এটা জনশ্ৰুতি আছে। নীহাৰ ৰায়ৰ বাসভৱনত কথাষাৰ মন কৰা নাছিলো। গৱৰ্ণৰ হাউছত তেওঁৰ কাষত বহিবলৈ সুযোগ পোৱাত গম পালো শুনা কথাষাৰ অসত্য নহয়। অধ্যাপক বৰুণ দেও ভোজন

বাকীছোৱা জীৱন / ১০৭