পৃষ্ঠা:অনিমা গুহ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিজৰ ওপৰতে খং উঠে। এনে কিনো মই ৰাজকাৰ্যখন কৰিছিলো যে গৃহস্থই কাম কৰা Centre for Studies in Social Science নামৰ প্ৰতিষ্ঠানটোলৈ গৈ বিশ্বখ্যাত পণ্ডিত দুগৰাকীক এবাৰ চাই আহিব নোৱাৰিলো। অমিতাভ ঘোষে তেওঁৰ Sea of Poppies নামৰ উপন্যাসখনত অমলেন্দু গুহক acknowledge কৰিছে। ‘পপী’ সন্দৰ্ভত লিখা এওঁৰ গৱেষণাপত্ৰসমূহ ঘোষে পাঠ কৰিছিল উপন্যাসখন ৰচনা কৰোতে।

 মীনাক্ষী মুখাৰ্জীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। সম্প্ৰতি প্ৰকাশিত তেওঁৰ জীৱনী পৰিচায়ক গ্ৰন্থ An Indian for all Seasons খন দিল্লীত উন্মোচন কৰিবলৈ হায়দৰাবাদৰ পৰা অহাৰ প্ৰাক্‌মুহূৰ্তত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ গুচি যায়। বাতৰিটো শুনি মৰ্মাহত হ’লো। তেওঁ মোতকৈ বয়সত সৰু হ'লেও পুনেত থাকোতে তেওঁলোকৰ লগত ঘনিষ্ঠ সম্পৰ্ক স্থাপিত হৈছিল। মীনাক্ষীৰ স্বামী সুজিতৰ আগতেই মৃত্যু হৈছিল। মীনাক্ষী কেইবাখনো সমালোচকমূলক গ্ৰন্থ আৰু গদ্য সাহিত্যৰ গ্ৰন্থকাৰ। ৰচনা-সমগ্ৰ The perishable Empire ৰ বাবে মীনাক্ষীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। বাংলা ভাষাত তেওঁ এখন মাত্ৰ কিতাপ প্ৰকাশ কৰিছে, বাকী সকলোবোৰ ইংৰাজীত। মীনাক্ষীৰ শেষ কিতাপখন ইতিহাসবিদ আৰ চি দত্তৰ জীৱনীমূলক। অভিজাত আৰ চি দত্তই তেতিয়াৰ যুগৰ আধুনিকা জীয়েকক বিয়া দিছিল অসমীয়া ইঞ্জিনীয়াৰ বলি নাৰায়ণ বৰালৈ। এইবোৰ ঊনৈশ শতিকাৰ কথা।

 জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰিবৰ সময়ত লগ পোৱা আন এগৰাকী মহিলা আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা সুকুমাৰী ভট্টাচাৰ্য। তেওঁক প্ৰথম লগ পাইছিলো পুনেত। কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ পুনেলৈ যাওঁতে গোখলে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্সৰ অতিথিশালাত আছিল যদিও তেওঁ আমাৰ ঘৰতে খোৱা-বোৱা কৰিছিল। তেওঁৰ বহুমুখী প্ৰতিভা আৰু পাণ্ডিত্যৰ গভীৰতাই পাঠকক মুগ্ধ কৰে। সুকুমাৰী দিৰ বিভিন্ন কিতাপত প্ৰতিফলিত নাৰীবাদী চিন্তাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁ প্ৰাচীন ভাৰতৰ প্ৰায় সকলো গ্ৰন্থাদি অধ্যয়ন কৰি যুগে যুগে নাৰীৰ স্থান সমাজত কেনে আছিল তাৰ ব্যাখ্যা দাঙি ধৰে স্বৰচিত গ্ৰন্থাদিত। এনে এখন গ্ৰন্থ ‘প্ৰাচীন ভাৰত : সমাজ ও সাহিত্য' আমাৰ হাতপুথিৰ দৰে হৈছে।

 আমি কলকাতাত থাকোতে এবাৰ অধ্যাপক নুৰুল হাছান আছিল পশ্চিমবংগৰ গৱৰ্ণৰ। এসময়ত তেওঁ আলিগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ইন্দিৰা

বাকীছোৱা জীৱন /১০৫