পৃষ্ঠা:অনিমা গুহ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ ‘জিৰণি’ লৈছিল মোগল ইতিহাস পঢ়ি। মোৰ এই লেখাটোৰ বিষয়ে জানিবলৈ তেওঁ ইহ-সংসাৰত নাই।

 আমি ‘পগলা’ প্ৰফেচাৰগৰাকীৰ কাণ্ড-কাৰখানাবোৰ দেখি হাঁহিছিলো। পঢ়ি পঢ়ি ভাগৰি যোৱাৰ পাছত ভাগৰ মাৰিবলৈ কোনোবাই বাৰু আকৌ কিতাপ পঢ়ে নে? তেতিয়া হাঁহিলেও আজি নিজৰ জীৱনতে দেখিছো পঢ়াৰ বিষয়টো সলনি কৰিলেও ভাগৰ মৰে। মোৰ অৱশ্যে ড° মিত্ৰৰ দৰে দিনটো পঢ়ি থকাৰ সেই ভাগ্য হোৱা নাই। তেতিয়া ভাবিছিলো দিনটো মানুহেনো কেনেকৈ পঢ়ি থাকে। এতিয়া জীৱনৰ শেষ অধ্যায়লৈ আহি উপলব্ধি কৰিছো কিমান যে জানিবলৈ আৰু পঢ়িবলৈ বাকী থাকিল! গতিকে সময় পালেই পঢ়ো। তদুপৰি এটা বিষয়ৰ কিতাপ পঢ়ি পঢ়ি আমনি লাগিলে বিষয়টো সলাই আন কিবা পঢ়ো ড° মিত্ৰৰ দৰে মনোৰঞ্জনৰ বাবে। আমাৰ গৃহস্থই আকৌ মনোৰঞ্জনৰ বাবেও ছিৰিয়াছ কিতাপেই পঢ়ে। আজি পঞ্চাশতকৈ অধিক বছৰ একেলগে বাস কৰি মন কৰিছো যে গৃহস্থ অতি সাধাৰণ কথা আৰু সাধাৰণ বিষয়ত অত্যন্ত কেঁচা। মাজে মাজে এটা প্ৰশ্ন মোৰ মনত জাগে যে এই অঁকৰা মানুহজনে কেনেকৈনো ইমান জ্ঞানাৰ্জন কৰিলে। তেওঁৰ ওচৰলৈ যেতিয়া ছাত্ৰ, গৱেষক বা অন্য কোনো ব্যক্তিয়ে পথ নিৰ্দেশনা আৰু দিহা-পৰামৰ্শ বিচাৰি বা আলোচনা কৰিবলৈ আহে তেতিয়া আচৰিত হৈ লক্ষ্য কৰো যে কোনো কিতাপ-পত্ৰ নেমেলাকৈ বহু তথ্য-পাতি আৰু পৰিসংখ্যা সাৱলীলভাৱে পৰিবেশন কৰিব পাৰে। এনে কি কোন কিতাপৰ কিমান পৃষ্ঠাত আলোচিত বিষয়টোৰ ৰেফাৰেন্স পাব তাকো কয়। অথচ সাংসাৰিক কিছুমান প্ৰয়োজনীয় বিষয়ত একোকেই বুজি নোপোৱা যেন দেখিলে মই অত্যন্ত বিৰক্তবোধ কৰো, খঙো উঠে।তেতিয়া মনতে ভাবো, কি অঁকৰা মানুহ এজনৰে যে সংসাৰ পাতিলো! বোধকৰো কিছুমান মানুহৰ মগজুৰ একোটা অংশৰ বৃদ্ধি বেছি, আন কোনোবা অংশ অপুৰঠ। ৰসিকতা কৰি মোৰ বান্ধৱী এগৰাকীক কৈছিলো যে গৃহস্থৰ বুদ্ধি-চুদ্ধি আছে নে নাই জানিবলৈ মই মাজে মাজে তেওঁৰ বক্তৃতা শুনিবলৈ যাওঁ।

 কিছুদিনৰ বাবে গৃহস্থৰ সহকৰ্মী আছিল ইতিহাসবিদ তথা প্ৰখ্যাত লেখক ৰামচন্দ্ৰ গুহ আৰু ঔপন্যাসিক অমিতাভ ঘোষ। এটা সময়ত মই নিজৰ কাম-কাজ লৈ ইমান ব্যস্ত হৈ থাকিবলগীয়া হৈছিলো যে খ্যাতনামা এই দুগৰাকী মানুহক দৰ্শন পৰ্যন্ত কৰিবলৈ সময় উলিয়াব নোৱাৰিলো। এতিয়া টেলিগ্ৰাফ কাকতত সঘনাই প্ৰকাশিত ৰামচন্দ্ৰ গুহৰ প্ৰবন্ধবোৰ আৰু অমিতাভ ঘোষৰ বঁটা লাভ কৰা উপন্যাসবোৰ পঢ়িলে

১০৪/ বাকীছোৱা জীৱন