পৃষ্ঠা:অনিমা গুহ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ সৰ্বশৰীৰত এটা আনন্দৰ শিহৰণ অনুভৱ কৰিলো। জয় দেউতা হ’ব। জয়ৰ জন্মৰ কথালৈ মনত পৰিল। ১৯৬২ চনৰ নৱেম্বৰ মাহ। চীন-ভাৰত সংঘৰ্ষ। তাৰ জন্মৰ বাবে শ্বিলঙত বাইদেউৰ ঘৰলৈ আহিছো। পিছে এই অশান্ত পৰিস্থিতিৰ মাজত তাৰ জন্ম ক’ত হ’ব তাকে লৈ পৰিয়ালত কিমান দুশ্চিন্তা। ইফালে ৰেডিঅ’ত ক্ষণে ক্ষণে শুনি আছো, চীনাসকল নাথুলা, চেলা, দিৰাংজং, বমদিলা পাৰ হৈ আহি আছে তেজপুৰ অভিমুখে। যেন সিদিনাৰ কথা। সেই জয় ইমান ডাঙৰ হ’ল নে? মোৰ চালখন কিমান শোটৰা-শোটৰ পৰিল চাবলৈ আৰ্চিৰ আগত থিয় দিলো।

 আমাৰ মাৰ পোন্ধৰ বছৰ বয়সত বাইদেউৰ জন্ম। বাইদেউ কম বয়সতে ল’ৰাৰ মাক হৈছে। মা বোধকৰো পঁইত্ৰিশ বছৰ বয়সত আইতা হৈছিল। আজিৰ যুগত পঁইত্ৰিশ বছৰীয়া মহিলাক তৰুণী বুলি কোৱা হয়। আৰু মই আইতা হ’বলৈ ওলাইছো এষষ্ঠি বছৰ বয়সত। অৱশ্যে ভনী টুলুৰ জীয়েক পাঞ্চালীৰ পুত্ৰ বিক্ৰমজিতৰ আগমনে ইতিমধ্যে আমাক আইতাৰ পদমৰ্যাদা প্ৰদান কৰিছিল। এম টেক ডিগ্ৰী অৰ্জন কৰি সি এতিয়া নামৰূপ ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনত কৰ্মৰত। তাৰ মুখলৈ চাই ভাবো সময় ইমান দ্ৰুতবেগেৰে আগবাঢ়ে নে? যি কি নহওক তাৰ ভনীয়েক ঋদ্ধিমাও বি টেক হ'ল। তাইৰ পিছে পিছে বি ই পাছ কৰি ওলাই আহিব বৰ্ণালীৰ একমাত্ৰ কন্যা নীলনয়না। তাই আকৌ স্প'ৰ্টছ উৱোমেনো। ভাগিন অৰূপৰ জীয়ৰী এডিটা ৰাজনীতি বিজ্ঞানত এম এ। জ্যেষ্ঠ ভাগিন আলোকৰ জ্যেষ্ঠপুত্ৰ নীলবৰুণ বাংগালুৰুত বি কমৰ ছাত্ৰ। বাকী ভাগিন-ভাগিনীহঁতৰ ফালৰ আৰু মোৰ নাতি-নাতিনী ঐশিক, অম্বৰ, অংশুমান, এলেন, আদিত্য, মনীষ, মেঘনা, ঋষভ, অনুভৱ, ইন্দ্ৰনীল আৰু অনিৰুদ্ধ মাধ্যমিক-উচ্চ মাধ্যমিক স্কুলৰ বিভিন্ন শ্ৰেণীত পাঠৰত। এওঁলোকৰ দুজনমানে মোৰ এই লেখাটো প্ৰকাশ পায় মানে হয়তো কলেজ পাবগৈ।

 গৃহস্থৰ ফালৰ তৃতীয় প্ৰজন্মৰ পাছত এতিয়া চতুৰ্থ প্ৰজন্মৰো আগমন ঘটিছে। আনকি শেহতীয়া প্ৰজন্মৰ ৰুহিৰ সম্প্ৰতি বিয়া হ’ল। কোনে জানে হয়তো জীয়াই থাকিলে পঞ্চম প্ৰজন্মৰ দৰ্শন লাভৰ পৰা বঞ্চিত নহ'ম। আমাৰ উলুবাৰীৰ গুহ কমপ্লেক্সত আমি বৰ্তমানে চাৰিটা প্ৰজন্মই বাস কৰি আছো। প্ৰত্যেকে নিজ নিজ ঘৰত থাকিলেও সুখ-দুখত পৰস্পৰে পৰস্পৰক চোৱা-চিতা কৰে। এই পৰিস্থিতিয়ে আমাক মানসিক নিৰাপত্তা প্ৰদান কৰিছে। এই চৌহদত বাস কৰিছিল শাহু আইৰ আইতাক আৰু দেউতাকো। তেওঁলোৰ কোনো পুত্ৰ সন্তান নথকা বাবে শেষ জীৱন উলুবাৰীতে কটাইছিল।

১০০/ বাকীছোৱা জীৱন