পৃষ্ঠা:অনিমা গুহ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ হৃদপিণ্ডবোৰ আকৌ সচল হ’ল। আকৌ নিজকে ভি ভি আই পি যেন লাগিল। চাহ-বিস্কুট খুৱাই লুঙী পিন্ধাকেইজনে ইমিগ্ৰেছন কাষ্টমচৰ বেৰ দুখন পাৰ কৰাই নো মেনছ লেণ্ডত আমাক লেণ্ড কৰাই দিলে। ডকাইত বুলি ভবা ডেকাকেইজনক ধন্যবাদ জনাই খোজকাঢ়ি আহি ভাৰত সীমান্ত সোমোৱাৰ লগে লগে সীমান্তৰক্ষী ভাৰতীয় জোৱান এজনে থাপ মাৰি আমাৰ হাতৰ পৰা পাছপ'ৰ্টবোৰ নিলে। কি কঠুৱা মাত আৰু অভদ্ৰ ব্যৱহাৰ তাৰ। তাক ধমকি এটা মাৰি ক’লো মানুহৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে যদি নাজানে তেনেহ'লে বাংলাদেশত ট্ৰেইনিং ল’বলৈ যাওক।

 আহিলো কাষ্টম্‌চ বিভাগলৈ। তাতো বহি আছিল সাক্ষাৎ যমদূতৰ দৰে মানুহ এটা। আচাৰ-ব্যৱহাৰত নিকৃষ্ট। পাছপ'ৰ্টবোৰ হাতত লৈ চুটকেচবোৰ খুলিবলৈ হুকুম দিলে। অলপ আগতে মধুৰ ব্যৱহাৰ পাইছিলো বাংলাদেশী কাষ্টম্‌চ বিষয়াৰ পৰা। ভাৰতীয়জনে আমাৰ শাৰীবোৰ উলিয়াই এশটামান প্ৰশ্ন কৰিবলৈ ধৰিলে। বুজিলো তাক ঘোচ লাগে। নহ'লে ১০০ শতাংশ টেক্স দিব লাগিব। ইফালে আমাৰ কলকাতালৈ যাবলৈ শেষ ট্ৰেইনখন এৰিবৰ হৈছিল। কোনোমতে সি পাছপৰ্টকেইখন নিদিয়ে। অৱশেষত আমাৰ লগৰ এজনীয়ে বাংলা কোৱা বাদ দি মানুহজনৰ লগত কনভেণ্টত শিকা উচ্চাৰণেৰে আখৈ ফুটা দি ইংৰাজী বাক্যবাণ মাৰিবলৈ ধৰিলে। নিমিষতে কাষ্টম্‌ম্চ বীজন বশীভূত হৈ পাছপ'ৰ্ট আৰু চুটকেচবোৰ ওভোতাই দিলে। চাহাবহঁতে কাহানিবাই ভাৰত এৰিলে যদিও তেওঁলোকৰ বগা ছালখনৰ আৰু ভাষাৰ প্ৰতি আমাৰ দুৰ্বলতা কমা নাই।

 এই প্ৰসংগতে মনত পৰিল পুনেত ঘটা ঘটনা এটালৈ। ১৯৭২ চনত আমাৰ ঘৰলৈ অক্সফোৰ্ডৰ পৰা এগৰাকী ভাৰতীয়মূলৰ মহিলা আহিছিল। পুনেৰ চাবলগীয়া ঠাইবোৰ দেখুৱাই এদিন লৈ গৈছিলো পুনে ফিল্ম ইনষ্টিটিউটলৈ। আবেলি চাৰি বজাৰ আগতে দৰ্শকৰ বাবে প্ৰতিষ্ঠানটোৰ দুৱাৰ মুকলি নহয় বুলি দাৰোৱানজনে কোৱাত আমি গছ এজোপাৰ তলত চাৰি বজালৈ বাট চাই বহি থাকিলো। নিপন গোস্বামীহঁত তাত ছাত্ৰ হৈ থাকোতে আমাৰ বাবে ইনষ্টিটিউটৰ দুৱাৰ সদায় খোলা আছিল। যি কি নহওক আমি নিয়ম মানি চলা নাগৰিক, গতিকে পুৰণি সম্পৰ্কৰ কথা নুলিয়ালো।

 হঠাতে দেখিলো লিলিয়ানা নামৰ যুগোশ্লাভ ছোৱালীজনী তাইৰ পঞ্জাৱী বন্ধু অনিলৰ মটৰ চাইকেলৰ পাছফালে বহি ফিল্ম ইনষ্টিটিউটৰ চৌহদত সোমাইছে। একেজন দাৰোৱানৰ লগত ক্ষন্তেক কথা পতাৰ পাছত ভিতৰলৈ যাবলৈ মটৰ চাইকেলত ষ্টাৰ্ট দিয়াৰ সময়তে দুয়ো মোক দেখা পাই ওচৰলৈ আহিল। তেওঁলোক যোৱাৰ

বাকীছোৱা জীৱন /৯৭