পৃষ্ঠা:অনিমা গুহ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিছদিনা আমাৰ ভিছাৰ মিয়াদ শেষ।

 ঘণ্টাৰ পাছত ঘণ্টা পাৰ হ’ল নতুন কোনো চালকৰ সাক্ষাৎ নিমিলিল। অৱশেষত মাজনিশা পৰিবহণ বিভাগৰ বিষয়া এজনে বাছত সোমাই যাত্ৰীসকলক উদ্দেশি ক’লে যে তেওঁৰ প্ৰিয় ড্ৰাইভাৰজন সম্পূৰ্ণ নিৰ্দোষী, তেওঁক জামিনত খালাচ কৰি অনা হৈছে। তেৱেঁই গাড়ী চলাই যাব, যাত্ৰীসকলে যেন তেওঁৰ লগত বেয়া ব্যৱহাৰ নকৰে। সিদিনা উপলব্ধি কৰিলো এজন গাড়ীচালকৰ গুৰুত্ব কিমান। গতিকে বেয়া ব্যৱহাৰ কৰা দূৰৈৰ কথা, আমি গাইপতি দহ টকাকৈ চান্দা তুলি চালকৰ হাতত অৰ্পিলো।

 মাজনিশা গাড়ীৰ চকা ঘূৰিল যদিও আৰিচাঘাটলৈ আহি শুনিলো নৈ পাৰ হ’বলৈ জাহাজ নাই। পিছদিনা পুৱালৈ বাট চাব লাগিব। আকাশৰ তলত নৈ পাৰৰ বালিত তেতিয়া অসংখ্য ট্ৰাক, গাড়ী-মটৰ। চালক আৰু যাত্ৰীসকলৰ কিছুমানে বালিতে শুইছে, কিছুমানে ঘূৰি ফুৰিছে। মহিলা কেৱল আমি পাঁচজনীহে। ভয় লগাটো স্বাভাৱিক। পিছে এতিয়া ভাবিছো আমাৰ দেশতকৈ বাংলাদেশ অধিক নিৰাপদ।

 দেশখনৰ সমতলভূমিৰ মাজেৰে আহি আহি আবেলি সীমান্ত পাওঁ পাওঁ হৈছিলো এনেতে লুঙী পিন্ধা ডেকাকেইজনমানে হাত দাঙি বাছখন ৰখালে। দিন-দুপৰতে আকৌ ডকাইতৰ আবিৰ্ভাৱ ঘটিল নেকি? ইয়াৰ পাছত সিহঁতৰ মুখত আমাৰ পাঁচজনীৰ নাম শুনিবলৈ পাই গাৰ তেজ আকৌ হিম হোৱা যেন পালো। জঁপিয়াই জঁপিয়াই বাছত উঠি সিহঁতে ক’লে আমাক হেনো ৰাতিপুৱাৰে পৰা প্ৰতিখন বাছত তেওঁলোকে বিচাৰি আছে। শুনি হৃদপিণ্ড স্তব্ধ হ’ল। হাতে হাতে চুটকেচবোৰ লৈ তেওঁলোকৰ কথামতে নামি আহিলো বাছৰ পৰা। আমাক বোধকৰো বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। ওচৰতে থকা টেক্সি এখনত আমাক উঠিবলৈ দি তেওঁলোক উঠিল আন এখনত। কেৱল ক’লে আমাক কাষ্টমচ অফিচলৈ লৈ গৈ আছে। কি বা অপৰাধ কৰিলো! অপৰাধৰ ভিতৰত ঢাকাই জামদানী শাৰী কিনিছিলো। সেইবোৰতে বোধহয় কিবা টেক্স দিব লাগিব। এজনীয়ে ক'লে টেক্সতো ল’ব ভাৰত চৰকাৰে। তেনেহ'লে কাষ্টমচে কিয় মাজবাটৰ পৰা ধৰি নিলে। এইদৰে নানা চিন্তা কৰি আহি আহি পালো কাষ্টমচ্ অফিচ। লুঙী পিন্ধাকেইটাই আমাক লৈ গ'ল কাষ্টমচ অফিচাৰৰ কোঠালৈ। আমি ভয়তে পেপুৱা লাগি সোমোৱাৰ লগে লগে বিষয়াগৰাকীয়ে ভক্তিত গদ্গদ হৈ আমাক বহিবলৈ দি ক’লে যে পুৱাৰ বাছতে আমি গৈ পাম বুলি ঢাকাৰ পৰা খবৰ পাইছে। সময়মতে আহি নোপোৱাৰ কাৰণটো ক’লো। মানুহজনৰ কথা শুনাৰ পিছত

৯৬/ বাকীছোৱা জীৱন