পৃষ্ঠা:অনিমা গুহ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ।


গুহ কমপ্লেক্স ড° অনিমা গুহ
উলুবাৰী, গুৱাহাটী-৭