নৌকা মেলি দিয়া হল। ক্ৰমে যিমান নৌকা ভটীয়াই গল
তিমান তেওঁবিলাকৰ মন প্ৰশস্ত হৈ যাবলৈ ধৰিলে। ৰামচন্দ্ৰ
বিশ্বাসৰ ঘৰ ঢাকা জিলাৰ বিক্ৰমপুৰত। তেওঁবিলাকক বিশ্বাসে
দুফালৰ গ্ৰাম নগৰ ইত্যাদিৰ বিবৰণ যিমান জানিছিল তিমান
কৈছিল। গুৱাহাটীত বুধসিংহ, শোভাচান্দ, হিম্মত সিং, ৰতনচান্দ,
মায়াসিংহ প্ৰভৃতি মাৰোৱাৰী কেঞাৰ দোকান আছিল। এই
বিলাকে সৈতে ফুকনউৰুৰ কাৰবাৰ আছিল। এইসকলেও
তেওঁবিলাকৰ কলিকতাৰ গোলালৈ ফুকনউৰুৰ নিমিত্তে চিঠি
দিলে। গোৱালপাৰাত পৰশুৰাম বৰুৱাৰ দিনৰ এটা পকা
কোঠা আছিল৷ সেই কোঠা চাই এওঁ বিলাকে বৰ সন্তোষ
পালে। গোৱালপাৰা এৰি চিৰাজগঞ্জ পালে। তাৰপৰা ঢাকা
আৰু সুন্দৰবন হৈ ২৫ দিনত তেওঁবিলাক কলিকতা পালেগৈ।
কলিকতা পাই এওঁ বিলাকৰ আনন্দৰ সীমা নোহোৱা হল।
তাৰ জাহাজ আৰু সুন্দৰ সুন্দৰ অট্টালিকা, পথ, ঘাট, অসংখ্য
প্ৰজা দেখি এওঁবিলাকে বৰ সন্তোষ পালে৷ যি যি লোকলৈ
পৰিচয়-পত্ৰ নিছিল সেই সেই লোকে সৈতে সাক্ষাৎ কৰিলত
তেওঁবিলাক বৰ উৎসাহিত হল। কলিকতাৰ কলুটোলাত ঘৰ
কেৰেয়া কৰি প্ৰথমে তেওঁবিলাক থাকিল।
কলিকতাৰ ধনৱন্ত লোকসকলে আৰু গবৰ্ণমেন্টে অৰ্থ সংগ্ৰহ কৰি হিন্দু কলেজ নামে এক বিদ্যালয় স্থাপন কৰে। সেই বিদ্যালয়ত হিন্দুজাতিৰ বালকসকলে মাহিলি ৫ টকা বেতন দি ইংৰাজী আৰু বঙ্গলা শিক্ষা কৰে। সেই স্কুলৰ কাৰ্য্য চলাবৰ নিমিত্তে এক কমিটী বা সভা আছিল। কলিকতাৰ ধনৱন্ত আৰু জ্ঞানী, দেশীয় আৰু বিদেশীয় লোকসকল তাৰ সভ্য। ৰসময় দত্ত নামে এজন কলিকতাৰ দেশীয় লোক তাৰ চেক্ৰে- টৰী আৰু হেয়াৰ চাহাব নামে এজন ইংৰাজ তত্ত্বাবধায়ক আছিল। বঙ্গ প্ৰদেশৰ শিক্ষাৰ ভাৰ তেতিয়া “কাউন্সিল অব এডুকেচন্”