পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৩৭
 


অৰ্থাৎ শিক্ষা সমাজৰ ওপৰত আছিল। তাতো অনেক ইংৰাজ আৰু দেশীয় লোক সভ্য আছিল। জেন্কিনচ্ আৰু মেথী চাহাবে এই দুয়ো সমাজলৈ এওঁ বিলাকৰ নিমিত্তে পত্ৰ লিখে। দুয়োজন৷ ফুকনক সেই সেই সমাজৰ লোকসকলে বৰ উৎসাহ দিলে। তেওঁবিলাক হিন্দু কলেজৰ ‘জুনিয়ৰ ডিপাৰ্টমেণ্টৰ’ তৃতীয় শ্ৰেণীত প্ৰবেশ কৰিলে। তেওঁবিলাকে গুৱাহাটী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়িছিল। যেতিয়া কলিকতালৈ যায় তেতিয়া তেওঁবিলাকে চাহাবলোকেৰে সৈতে ইংৰাজী কথা কিছু পৰিমাণে কব পাৰিছিল। আৰু কিছু পৰিমাণে ইংৰাজী চিঠিও লিখিব পাৰিছিল। কলেজত প্ৰবেশ কৰি তেওঁবিলাকে বৰ যত্ন আৰু উৎসাহেৰে পঢ়িবলৈ ধৰিলে আৰু সদাই আপোনাৰ শ্ৰেণীত আন ছাত্ৰতকৈ ওপৰত থাকিছিল।

 কলিকতাত গঙ্গানদী আছে, তাতো তেওঁ বিলাকে স্নান কৰিলে আৰু কালীঘাট-তীৰ্থ দৰ্শন কৰিলে। সেই সময়ত কলিকতাত দ্বাৰকানাথ ঠাকুৰ, ৰাজা ৰাধাকান্ত দেৱ, ৰাজা কালী- কৃষ্ণ দেৱ, প্ৰসন্নকুমাৰ ঠাকুৰ, মতিলাল শীল, অক্ৰুৰ দত্ত, ৰাম- কমল সেন, সত্যচৰণ ঘোষাল, ৰসময় দত্ত, মাধৱ চন্দ্ৰ বন্দ্যো- পাধ্যায়, মাধৱ দত্ত, ডেবিড হেয়াৰ চাহাব প্ৰভৃতি সম্ভ্ৰান্ত আৰু ধনৱন্ত লোক আছিল। এইসকলে সৈতে দুয়োজনা ফুকনে সাক্ষাৎ কৰিলে। সকলোতকৈ মতিলাল শীলে তেওঁবিলাকক বৰ স্নেহ কৰিছিল। তেওঁবিলাক অনেক দূৰ দেশৰ পৰা পঢ়ি- বলৈ গৈছে আৰু তেওঁবিলাক অসম দেশৰ সম্ভ্ৰান্ত ঘৰৰ লোক। বিশেষ ইয়াৰ কমিচনৰ আৰু ডেপুটী চাহাবসকলে তেওঁ বিলাকৰ সপক্ষে বৰ ভালকৈ লেখি পঠাইছিল। অধিকন্তু তেওঁ বিলাকৰ পিতৃসকলও কলিকতাত আছিল। আৰু পিতৃসকলৰ পৰিচিত কোনো কোনো লোক তেতিয়া জীৱিত আছিল। তেওঁবিলাকৰো স্বভাৱ ভাল আছিল আৰু লগতো সন্ত্ৰম ৰাখিবৰ যোগ্য লোক আৰু