পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৩৩
 


এক শ্ৰেণীতে আছিল। পৰশুৰামে সৈতে আনন্দৰামৰ বিশেষ প্ৰীতি আৰু বন্ধুভাৱ আছিল। সময়ে সময়ে উভয়ে উভয়ৰ ঘৰলৈ অহা-যোৱা কৰিছিল। উভয়ে উভয়ৰ বিশ্বাসী বন্ধু আছিল।

 আনন্দৰাম ফুকনে দুৰ্গোৎসৱত নীলাচলৰ কামাখ্যাৰ পূজা চাবলৈ আৰু দৰ্শন কৰিবলৈ গৈছিল। কেতিয়াবা উমানন্দ, অশ্বক্ৰান্ত, বশিষ্ঠ প্ৰভৃতি দেৱালয় চাবলৈ গৈছিল। সেইবিলাক যে পুণ্য তীৰ্থ ইয়াত বিনে তেওঁৰ আন একো ভাৱ হোৱা নাছিল৷ তেওঁৰ বয়সৰ বালকতকৈ তেওঁৰ মন ব্যাপ্ত হলেও তেনে মাৰ্জ্জিত আৰু উন্নত নাছিল।

 গুৱাহাটীৰ ওচৰৰ ৰামশাহা পৰগণাত ড্ৰাইবৰ চাহাবৰ কিছুমান মাটি আছিল, তাতে কিছু খেতিও আছিল। আনন্দৰাম ফুকনে সেই মাটি আৰু খাত কিছু সন্তা দৰত কিনি ললে। আগৰ দোপদৰৰ ওচৰৰ ঠাই আৰু কেতবিলাক পুৰণি পুখুৰী ইত্যাদি তাত আছিল। কিছুদিনৰ পাচত তাত অনেক ৰায়ত বহিল।

 নদীয়া শান্তিপুৰৰ পৰা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনতে কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্য নামে এজনা পণ্ডিত ৰজাৰ নিমন্ত্ৰণ অনুসাৰে এই দেশলৈ আহে। শিৱসিংহ ৰজা সেই ন্যায়বাগীশৰ শিষ্য হয়। তাৰ পাচত আন অনেক লোক তেওঁৰ শিষ্য হয়। তেওঁ এই দেশত অনেক মাটি (স্থাবৰ ) বৃত্তি পাইছিল। সেই ভট্টাচাৰ্য্য গুৱাহাটীৰ নীলাচল পৰ্ব্বতত বাস কৰিছিল। পৰ্ব্বতত থকাৰ বাবে এওঁক পৰ্ব্বতীয়৷ গোঁসাই বোল৷ হৈছিল। তেওঁৰ সন্তুতি ক্ৰমে সৰহ হোৱাত, তেওঁবিলাকৰ তিনিঘৰ হল। সেই কেইঘৰক বৰজনা, মাজুজনা, আৰু সৰুজনা গোঁসাইৰ ঘৰ বোলে। বৰজনাৰ ফালে আকৌ কেইবাজনা সন্ততি হল। সেই ভাগৰে কালিদাস ভট্টাচাৰ্য্য নামে এজনা গোঁসাই আছে। তেওঁ বৰ বুদ্ধিমান আৰু মানুহৰ মন আকৰ্ষণ কৰিবৰ নিমিত্তে যি যি গুণ লাগে তাৰ অনেক তেওঁৰ গাত আছিল। হলিৰাম