পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
আনন্দৰাম ঢেকিয়াল
 


ল’ৰাবিলাকে সময়ে সময়ে মান আৰু বঙ্গাল (ইংৰাজ) দুই দল হৈ কাৰো হাতত ধেনু-কাঁড়, কাৰো হাতত বটা-খাগৰী, কামি ইত্যাদিৰে ধেমালি যুদ্ধ কৰা হৈছিল। এওঁবিলাকে সময়ে সময়ে পানীত সাঁতুৰি ধেমালি কৰিছিল। তেওঁবিলাকে কেতিয়াবা খৰালি বালিলৈ গৈ বালিভাত খাইছিল। দোলযাত্ৰাত পাঁচ- দিনীয়াকৈ পূজা হৈছিল। সেই পূজাতে মাৰোৱাৰী কেঞা আৰু আন ভদ্ৰলোকসকল দিনত বা ৰাতি আহিছিল। এই পূজাত গান-বাজনা-মজলিচ-ক্ষাৰবাজি উমৈহতীয়াকৈ বৰ সমাৰোহেৰে হৈছিল। আনন্দৰাম ফুকনে এইবিলাকত যোগ দিছিল আৰু লোকসকলে সৈতে সমাদৰ আৰু সম্ভ্ৰমেৰে আমোদ-আহ্লাদ কৰিছিল। এনেয়ে যেতিয়া তেওঁৰ তালৈ কোনো লোক সাক্ষাৎ কৰিবলৈ আহিছিল, তেওঁৰ সৈতে অতি সদ্ব্যৱহাৰ কৰিছিল। সৰুৰেপৰা তেওঁ আগৰদিনীয়া পুৰণি কথা আৰু সাধুকথা শুনিবলৈ বৰ ভাল পাইছিল।

 গুৱাহাটীত মহোদৰ খঙ্গীয়া বৰুৱা নামে এজন লোক আছিল। স্কট চাহাবে যেতিয়া অসম দেশ অধিকাৰ কৰে সেই সময়ত তেওঁ সেই চাহাবৰ লগত থাকি বিশেষ কাৰ্য্য কৰিছিল। এবাৰ মহোদৰ বৰুৱা চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ কটকী বা উকীল হৈ গবৰ্ণমেণ্টত কোনো কথা জনাবৰ বাবে কলিকতালৈ গৈছিল। এওঁৰ এজন ভতিজাক মাধৱৰাম বৰুৱাত ৰণৰাম বৰুৱাৰ কন্যা লীলেসীক বিবাহ দিয়া হৈছিল। এওঁৰ আৰু এজনা ভতিজাক গোবিন্দ- ৰামে সীতাৰাম বৰুৱাৰ কন্যা নৰেশ্বৰীক বিবাহ কৰাইছিল। এওঁ সেই সময়ত কালেক্টৰীৰ নাজীৰ আছিল। মহোদৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ পৰশুৰাম। আনন্দৰাম ফুকনে সৈতে একে মাহতে এওঁৰ জন্ম হয়। এওঁবিলাকৰ ঘৰ গুৱাহাটীৰ পানবজাৰত। পৰশুৰাম শিশুকালতে পিতৃহীন হয়। পৰশুৰামেও মিথী চাহাবৰ অনুগ্ৰহ আৰু উৎসাহত স্কুলত পঢ়িছিল। আনন্দৰাম ফুকনৰ সৈতে প্ৰায়