পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰথম ভাগ

প্ৰথম অধ্যায়

 ১৭৫১ শঁকৰ ৭ আশ্বিন মঙ্গলবাৰে পুষ্যা কৰ্কট নক্ষত্ৰত আনন্দৰাম ফুকনৰ জন্ম হয়। এওঁৰ জন্মত সকলোৰে বৰ আনন্দ হৈছিল। আৰু সেই উপলক্ষে হলিৰাম ঢেকিয়াল ফুকনে অনেক দান-দক্ষিণা কৰে; তেওঁ সৰুতে বৰ আদৰত উঠিছিল। নিচেই শিশু অৱস্থাত তেওঁৰ কেনে স্বভাৱ বা কাৰ্য্য আছিল সেইটে৷ প্ৰকাশিত নাই। শিশুবিলাকক সাধাৰণতঃ এনে দেখি যে পিতৃ-মাতৃয়ে আনক কোলা ললে বা মৰম কৰিলে সিবিলাকৰ ঈৰ্ষা আৰু ক্ৰোধ জন্মে কিন্তু এওঁৰ সেই স্বভাৱ নাছিল। ৰণৰাম বৰুৱাৰ শিশুপুত্ৰ গঙ্গাৰামৰ মাতৃৰ স্তনত বেদনা হোৱাত সেই শিশুটি বৰুৱাই আনি ফুকনৰ মাতৃক স্তন পান কৰাবলৈ দিছিল। ফুকনে তেওঁৰ মাতৃৰ স্তন পান আনক কৰা দেখিও তাত কোনো ক্ৰোধ বা ঈৰ্ষাভাৱ প্ৰকাশ কৰা নাছিল।

 তেওঁ সৰুকালত হৃষ্ট-পুষ্ট আছিল, অথচ বৰ নৰিয়াও নাছিল। তেওঁ সময়ে সময়ে ঠেহ পাতিছিল আৰু আপোনাৰ ভগিনী আৰু আন আন ল'ৰাৰ লগত পৰম হৰ্ষেৰে উমলিছিল। যেতিয়া ঢেকিয়াল ফুকন ঘৰত থাকে তেতিয়া তেওঁ তেওঁৰ ওচৰলৈ বৰকৈ নগৈছিল, আনকি আগত হলে নিৰ্ভয় আছিল। ৰণৰাম বৰুৱাই তেওঁক বৰ মৰম কৰিছিল আৰু তেওঁৰ কোলাত উঠি তপামূৰত হাত ফুৰাবলৈ বৰ আগ্ৰহ কৰিছিল। ঢেকিয়াল