পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
আনন্দৰাম ঢেকিয়াল
 

ঢেকিয়াল ফুকনৰ বিষয় দিলে আৰু যজ্ঞৰাম ফুকনৰ গাত খাৰঘৰীয়া ফুকনৰ বাব আছিল। আনন্দৰাম শিশু খাৰঘৰীয়া ফুকনৰ গুৱাহাটীত আন বিষয় থকাত ৰণৰাম ৰজাৰ আজ্ঞাৰে সেই দুই পদৰ কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ যোৰহাটলৈ গল। এই বৎসৰতে দৰঙ্গ আৰু নগাঁও স্বতন্ত্ৰ জিলা হল আৰু চিনিয়ৰ খণ্ডৰ বিভাগ গুচিল। যজ্ঞৰাম ফুকনে ঘৰ পাই উভয় পক্ষৰ খাত-পাম ইত্যাদিৰ কাৰবাৰ কৰিবলৈ ধৰিলে আৰু যাৰপৰা যি ধাৰ-ঋণ আদায় কৰিব লাগে তাকো কৰিবলৈ ধৰিলে। তেওঁ দুঘৰৰ গৰাকী আছিল। তেওঁৰ দ্বাৰাই সুশৃঙ্খলৰূপে কাৰ্য্য নিৰ্ব্বাহ হৈছিল। ৰণৰামৰ পুতেক বিজয়ৰামৰ ইয়াৰ অল্প পাচতে মৃত্যু হয়। পৰগণাৰ অনেক চৌধুৰী পাটোৱাৰী আৰু আন মানুহ টোলত বহা কৰি অনেক বিষয়ে উপাসা ভৰসা কৰি আছিল। আৰু অনেক মানুহ ফুকনউৰুৰ আশ্ৰয় লৈ টোলৰ ভিতৰত আছিল।