পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
২৫
 


ব্ৰহ্মভোজন কৰোৱা হৈছিল। প্ৰতিমাহে সত্যনাৰায়ণ পূজা, তুলসী দান আৰু কোজাগৰ আৰু দীপান্বিতা সুখৰাত্ৰিত লক্ষ্মীপূজা হৈছিল। এই সকলক এৰিও আন আন স্বস্ত্যয়ন মহোৎসৱ সদাই হৈছিল। এইবিলাকৰ কেতবিলাক উভয় ঘৰৰ উমৈহতীয়া আৰু কেতবিলাক পৃথক। বেলতলা, কৰুণাবাৰী, ফুলৰা, খাৰাধৰা, ঠোলাবাৰী, হৰিপুৰ, বৰহাট৷ উমৈহতীয়া খাত আছিল। ইয়াত বাজেও গোগত বেলেগ খাত আছিল। এইসকলৰ কাৰ্য্য কৰিবলৈ গোমস্তা আৰু মোখতাৰ আছিল। সকলো কৰ্ম্মৰ ভাৰ চন্দ্ৰধৰ ৰায়ৰ ওপৰত আছিল। তাৰ পাচে ৰামচন্দ্ৰ বিশ্বাস নামে বিক্ৰমপুৰৰ এজন লোক বৰফাণৰ মোখতাৰ হল। উভয় ঘৰৰ বেলেগ বেলেগ গোলা গুৱাহাটীত আছিল আৰু দৰঙ্গত উমৈহতীয়া গোলা এখান আছিল। এওঁবিলাকৰ টোলত অনেক বেটী-বন্দী আছিল। ই বিনে খাতত বেটী-বন্দী বন্ধা ভেৰণীয়া আছিল। সেই সকলে কাৰ্য্য কৰিছিল। খাতৰপৰা ধান চাউল, মাহ আৰু আন বস্তু সদাই আহিছিল। মহ, গৰু, ঘোঁৰা, গাড়ীও আছিল। খাতৰপৰা যি যি বস্তু আহে সেইবিলাক নিজা খাতৰ হলে নিজ ভঁৰালত, উমৈহতীয়া খাতৰ হলে ভাগ হৈ নিজ নিজ ভঁৰাললৈ যায়। খাতৰ প্ৰজাবিলাকৰ সোধ-পোচ মাটিৰ বন্দোৱস্ত ইত্যাদি কৰা হৈছিল। হলিৰাম ঢেকিয়াল ফুকনৰ মৃত্যুৰ সময়ত এই দুঘৰৰ এনে অৱস্থা আছিল। যোৰহাটত যজ্ঞৰাম ফুকনৰ ১৭৫৩ চনত এটি পুত্ৰ জন্মে; এই পুত্ৰৰ নাম বলৰাম। ইয়াৰ কিছু পাচতে উজনীখণ্ড পুৰন্দৰ সিংহ স্বৰ্গদেৱক লালবন্দি বন্দোবস্ত কৰি দিয়া হোৱাত যজ্ঞৰাম ফুকন যোৰহাটৰপৰা গুৱাহাটীলৈ আহে আৰু তাত সদৰ আমীন নিযুক্ত হয় ৷ ৰণৰাম দৰঙ্গৰ পঞ্চায়ত আছিল, তাৰপৰা ঢেকিয়াল ফুকনৰ মৃত্যুৰ পূৰ্ব্বে ইয়ালৈ আহে। পুৰন্দৰ সিংহ স্বৰ্গদেৱে উজনীলৈ যাব লগীয়া হোৱাত তাত তেওঁ পূৰ্ব্বৰ নিয়মে ৰাজ্য শাসন কৰিবলৈ স্থিৰ হল। ঢেকিয়াল ফুকনৰ পুতেক আনন্দৰামক স্বৰ্গদেৱে