সিংহ স্বৰ্গদেৱে চীলমাৰীত চিপাহীক দৰমহা দিব নোৱাৰি সোণৰ
ভৃঙ্গাৰ এটা দি এওঁবিলাকৰপৰা ধন নিছিল। সেই ভৃঙ্গাৰ
ঢেকিয়াল ফুকনে কাৰো হাক নুশুনি জগন্নাথ মহাপ্ৰভুক
দিয়ে। তাতো তেওঁৰ বিশেষ সুখ্যাতি হয়। এইপৰ্য্য়ন্ত তাৰ
গদাধৰ পাণ্ডাই হলিৰাম ঢেকিয়াল ফুকনৰ নামে অসম দেশৰ
যাত্ৰীবিলাকক দাবী কৰে। তেওঁ শ্ৰীক্ষেত্ৰৰপৰা ঘূৰি কলিকতালৈ
আহিল। তেতিয়া অসম দেশ আৰু কামৰূপ কামাখ্যাৰ নাম
সেইফালে অপ্ৰচলিত আছিল। লোকে ডাকিনী যোগিনীৰ দেশ
বুলিছিল। হলিৰাম ঢেকিয়াল ফুকনে যোগিনীতন্ত্ৰ, কালিকাপুৰাণ
প্ৰভৃতি গ্ৰন্থৰপৰা সঙ্কলিত কৰি “কামাখ্যা যাত্ৰা পদ্ধতি” নামে
এখানি সংস্কৃত গ্ৰন্থ কৰে। এই গ্ৰন্থত কামৰূপৰ কামাখ্যা
প্ৰভৃতি সকলো তীৰ্থৰ নিৰ্ণয় যাত্ৰা আৰু পূজাৰ বিবৰণ আছে।
ফুকনে আসামবুৰঞ্জী নামে বঙ্গলা ভাষাত এখান অসম দেশৰ
নানা বিবৰণ আৰু ৰজাবিলাকৰ ইতিহাসঘটিত পুথি ৰচনা কৰে।
১৭৫৩ শঁকত এই দুই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰত
ছপা হয়। এই পুস্তকসকল বিনামূল্যে বিতৰিত হৈছিল।
তেওঁ তাত সেইকালৰ প্ৰসিদ্ধ ৰজা আৰু আন আন লোকে
সৈতে পৰিচয় কৰিছিল। ধৰ্ম্মসভা নামে তাত এটি সভা
আছিল। সেই সভাৰো এওঁ এজন সভ্য হৈছিল। এওঁৰ নাম
কলিকতাত বৰকৈ প্ৰকাশ হল। কোনো এজনে তাৰ কোনো
সংবাদপত্ৰত তেওঁৰ ওপৰত নামৰ কৌতুক কৰি “মুষলীৰাম
ঢেঁকী কলিকাতায় আসিয়াছে” এইৰূপ লেখিছিল। আৰু কোনো
এজনে এইৰূপ কৌতুক কৰিছিল “কামৰূপ কামাখ্যা হইতে এক
ঢেঁকী গাছ চালাইয়া এখানে আসিয়া কচ কচ কৰিতেছে।” ফুকনে
এইবিলাক কৌতুকত বৰ কৌতুকী হৈছিল। কলিকতাত এওঁক
আসামৰ ৰজা বুলি লোকে অনুমান কৰিছিল। কিছুদিন কলিকতাত
থাকি ফুকন গুৱাহাটীলৈ আহিল।
মেং ইস্কাট চাহাব চিৰাপুঞ্জীত মৃত্যু হলত মেং ক্ৰেক্ৰক্ট