পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
আনন্দৰাম ঢেকিয়াল
 


ঠাইত তেওঁ পণ্ডিত সমাজত অপূজনীয় নহল। এইৰূপে দান বিতৰণ কৰি তেওঁ বহু ধন ব্যয় কৰিলে। এইপৰ্য্যন্ত সেই সেই তীৰ্থৰ পাণ্ডাবিলাকে অসম দেশ বুলিলে হলিৰাম ঢেকিয়াল ফুকনৰ নাম প্ৰধান যাত্ৰী বুলি কয়।

 যজ্ঞৰাম কলিকতালৈ গৈ ইংৰাজী আৰু অন্যান্য শাস্ত্ৰাদি আলোচনা কৰিলে। ৰামমোহন ৰায় ব্ৰাহ্ম, যজ্ঞৰাম তেওঁৰ ছাত্ৰ হোৱাত তেওঁ যে ব্ৰাহ্ম হল এই জনৰৱ হল। তেতিয়া ব্ৰাহ্ম বুলি তিমান পৰিচয় নাছিল—খীষ্টিয়ানহে বুলিছিল। হলিৰাম ঢেকিয়াল ফুকনে নিজ ভ্ৰাতৃৰ ধৰ্ম্মত্যাগৰ কথা শুনি তেওঁক আনিবলৈ কলিকতালৈ যাবলৈ ইচ্ছা কৰিলে। ইফালে হোৱাইট চাহাবে সৈতে বিবাদ লাগিল। এনে কথা লোকে কয়, বোলে হলিৰাম ফুকনে কৈছিল বোলে তেওঁ যেতিয়ালৈকে হোৱাইট চাহাবে সৈতে সমানে বহি কাৰ্য্য কৰিব নোৱাৰে তেতিয়ালৈকে এই দেশলৈ নাহে। হোৱাইট চাহাব উগ্ৰ স্বভাৱৰ আছিল। তেওঁ আন লোকৰ কথা শুনি হলিৰাম ফুকন যে দাম্ভিক এইটো জানিছিল। সম্ভ্ৰম ৰক্ষা আৰু দাম্ভিকতা এই দুটি বিষয় চাহাবে পৃথক কৰিবলৈ যত্ন নকৰি হলিৰামৰ ওপৰত ক্ৰুদ্ধ হয়। চাহাবে এদিন কাছাৰীতে তেওঁক অপমানজনক কথা কয়। ঢেকিয়াল ফুকনেও তেওঁক সমুচিত উত্তৰ দিয়ে। ইয়াৰ পাচতে তেওঁ বিদায় লৈ কলিকতালৈ গল। এওঁ ঢাকা আৰু সুন্দৰবনৰ বাটেৰে গল। কিন্তু যজ্ঞৰাম ফুকন মুৰচিদাবাদেৰে এই দেশলৈ আহিল। তেওঁৰ লগত এজন ইংৰাজ শিক্ষক লৈ তেওঁ আহিছিল। আহোঁতে তেওঁ জগত চেঠৰ ঘৰৰ হিচাপ পৰিষ্কাৰ কৰে আৰু তাৰপৰা ‘শিৰপেশ’ কল্কি প্ৰভৃতি বহুমূল্যৰ আভৰণ আনে। স্বদেশলৈ পুনৰাগমন কৰি এওঁ কিছুদিন গুৱাহাটীতে থাকে।

 হলিৰাম ফুকন কলিকতালৈ গল, তাৰপৰা শ্ৰীক্ষেত্ৰলৈ যায়; তাতো বিস্তৰ ব্যয় আৰু দান-পুণ্য আৰু কাৰ্য্য কৰে। চন্দ্ৰকান্ত