পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৯
 


ঢেকিয়াল ফুকনে ইস্কাট চাহাবক সেই বিষয় বা আন বিষয়ত তেনে নীচ সম্ভ্ৰম নকৰিছিল। এই কাৰণে তেওঁক চাহাবে বৰ মান্য কৰিছিল। কিয়নো যি নিজৰ সম্ভ্ৰম ৰাখিব জানে তাক সভ্য লোকে মান্য কৰে। সেইজনা চাহাবে হলিৰাম ফুকনৰ ওপৰত ইমান বিশ্বাস কৰিছিল যে প্ৰায় কাৰ্য্যত তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। নগাঁও বন্দোবস্ত কৰোতে ঢেকিয়াল ফুকনে দীফলু সত্ৰৰ অধিকাৰী লৱচন্দ্ৰ গোঁসাইৰ তিলোত্তমা বা কল্যাণী নামে কন্যা এটি বিবাহ কৰে।

 এওঁবিলাক গুৱাহাটীলৈ অহাৰ কিছুকাল পাচতে প্ৰসূতী দেবীৰ গৰ্ভত হলিৰাম ফুকনৰ এটি কন্যা জন্মে, সেই কন্যা নাথাকিল। ১৭৫০ শঁকত যজ্ঞৰাম ফুকনৰ দুৰ্গাৰাম নামে এটি পুত্ৰ জন্মে। ১৭৫১ শঁকৰ ৭ আশ্বিন মঙ্গলবাৰে পুষ্যা কৰ্কট নক্ষত্ৰত প্ৰসূতী দেবীৰ গৰ্ভত হলিৰাম ফুকনৰ এট পুত্ৰ জন্মে। সেই পুত্ৰৰ গুপ্ত নাম হেমকণ্ঠ আৰু প্ৰকাশ্য নাম আনন্দৰাম। সেই শঁকৰ কাৰ্ত্তিকত কল্যাণী দেবীৰ গৰ্ভত ফুকনৰ এটি কন্যা জন্মে। সেই কন্যাৰ গুপ্ত নাম তাৰিণী আৰু প্ৰকাশ্য নাম তুলসী। এই সময়ত মেং ইস্কাট চাহাব চিৰাপুঞ্জীত আছিল আৰু তাৰ খাচীয়াবিলাকক দমন কৰিছিল। আনন্দৰাম আৰু তলসী বৰ আদৰৰ সন্তান হল। এই ল’ৰা সৰ্ব্বদাই লবৰ নিমিত্তে কামৰূপৰ বৰনগৰ পৰগণাৰ বৰুৱাই যুতী নামে এটি ছোৱালী দিয়ে।

 ইয়াৰ পূৰ্ব্বে গোৱালপাৰাত থাকোতেই হলিৰামে এবাৰ গঙ্গা, গয়া, কাশী, প্ৰয়াগ প্ৰভৃতি তীৰ্থলৈ গৈছিল। তেওঁ বৰ দানী আৰু মানী আছিল। বিশেষকৈ তীৰ্থ পৰ্য্যটন কৰিবলৈ যোৱাত বিস্তৰ দান-পুণ্য কৰিলে। যি যি তীৰ্থলৈ তেওঁ গৈছিল সেই সেই তীৰ্থত তেওঁ বিশেষকৈ সুখ্যাতিৰে কাৰ্য্য কৰিলে। তেওঁ সংস্কৃত ভাষাত আৰু তন্ত্ৰ শাস্ত্ৰত বৰ পণ্ডিত আছিল। কোনো