পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
আনন্দৰাম ঢেকিয়াল
 


চাৰিটা চৰকাৰী আলি হল। শম্ভুৰাম আৰু অভিৰাম গোৱালপাৰাতে থাকিল। সীতাৰামৰ ঘৰ সেই টোলৰ উত্তৰ আলিৰ উত্তৰত হল। মেং ইস্কাট চাহাব উজনীলৈ যাওঁতে হলিৰামক লগত লৈ গল। তেওঁ চাহাবৰ প্ৰধান কৰ্ম্মচাৰী আছিল। ষজ্ঞৰামে কিছুদিন গুৱাহাটীত থাকি কলিকতালৈ গল। তাত গৈ সেই ঠাইৰ সুবিখ্যাত ৰামমোহন ৰায়ৰ উপদেশ আৰু শিক্ষা শুনিবলৈ ধৰিলে। ৰামমোহন ৰায় এজন ভাৰতবৰ্ষৰ প্ৰধান লোক। সুপবিত্ৰ ব্ৰহ্মধৰ্ম্মৰ এজন প্ৰধান আচাৰ্য্য। তেওঁ প্ৰথমে যি কেইজন লোকে সৈতে ব্ৰহ্মোপাসনা কৰিছিল তাৰ মাজত যজ্ঞৰাম এজন আছিল। হলিৰাম ইস্কাট চ'হাবে সৈতে তেওঁৰ প্ৰধান কাৰ্য্যকাৰক হৈ অসম দেশত ফুৰে। নগাঁও আৰু দৰঙ্গৰ প্ৰথম বন্দোবস্ত এওঁৰ দ্বাৰা সম্পাদিত হয়। নগাঁৱত এতিয়ালৈকে এই বন্দোবস্ত লোকে কয়। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ যেতিয়া গুৱাহাটীত থাকে তেতিয়া হলিৰাম আৰু যজ্ঞৰামক ঢেকিয়াল ফুকন আৰু খাৰঘৰীয়৷ ফুকন বিষয় দিয়ে। সেই সেই পদত তেওঁবিলাকক তেতিয়াৰ গবৰ্ণমেণ্টৰ প্ৰধান কাৰ্য্যকাৰক মেং ইস্কাট চাহাবে স্বীকাৰ কৰে।

 উজনী আৰু নামনী খণ্ড যেতিয়া চিনিয়ৰ আৰু জুনিয়ৰ খণ্ডত বিভাগ হল তেতিয়া হলিৰাম ফুকন চিনিয়ৰ অৰ্থাৎ নামনী খণ্ডত থাকিল। তেওঁ কালেক্টৰীৰ চিৰস্তাদাৰ আছিল আৰু কামৰূপৰ বন্দোবস্তৰ বিষয়ে বিশেষ কাৰ্য্য কৰিছিল। তেতিয়া কামৰূপত মেং হোৱাইট নামে এজনা চাহাব আছিল। কোনো সামান্য কথাতে হোৱাইট চাহাবে সৈতে ঢেকিয়াল ফুকনৰ বিবাদ লগাত তেওঁ তাৰ পাচতে বিদায় ললে। এই বিবাদৰ কথা মেং ইস্কাট চাহাবে শুনি মেং হোৱাইট চাহাবক দোষ দিলে। হলিৰাম ফুকনে কাছাৰীলৈ যাওঁতে প্ৰায় সদাই পৰ্হি দোলাত গৈছিল। আনলোকে ইস্কাট চাহাক দেখিলে দোলা ইত্যাদিত উঠি ধাকিলে নামে আৰু বিজাপী ললেও তাকো একাষৰ কৰে।