নাই। কোন ফালৰ পানী কোন ফালে যায় এই চাই এবাৰ
গঙ্গাস্নান কৰিবলৈ যোৱ৷ উচিত। এই বুলি তেওঁবিলাক সকলো
গঙ্গাস্নান কৰিবলৈ মুৰচিদাবাদলৈ গল। গোৱালপাৰা আৰু
গুৱাহাটীত কেঞা বা মাৰোৱাৰীবিলাকৰ গোলা আছিল। সেই
সকলে সৈতে দুৱৰীয়াঘৰৰ কাৰবাৰ আছিল। সেই কেঞাবিলাকৰ
কাৰে৷ কাৰো মুৰচিদাবাদত গোলা আছিল আৰু চিনা-পৰিচয়
থকা মানুহ আছিল। সেইসকলৰ সূত্ৰে মুৰচিদাবাদৰ জগদ্বিখ্যাত
ধনী জগৎ চেঠৰ ঘৰে সৈতে তেওঁবিলাকৰ পৰিচয় আৰু
কাৰবাৰ আছিল, সেই কাৰণে তাতো তেওঁবিলাকৰ কোনো
কষ্ট নহল। গঙ্গা তীৰতে গ্ৰহণৰ সময়ত এজনা দণ্ডী স্বামীত
হলিৰাম যজ্ঞৰাম আৰু তেওঁবিলাকৰ মাতৃ আৰু বিমাতা দুজনাই
দীক্ষা গ্ৰহণ কৰিলে। দণ্ডী স্বামীৰ চৰণত কণকাঞ্জলী প্ৰদত্ত
হৈছিল। গঙ্গাতীৰত কিছুদিন বাস কৰি তেওঁবিলাক গোৱালপাৰালৈ
আহি চন্দৰীয়াত থাকে আৰু গোলাৰ কাৰবাৰ কৰে।
শম্ভুৰাম আৰু অভিৰাম বেলেগে ঘৰ কৰি তাতে থাকে।
মাজুলীৰ আহঁতগুৰীয়৷ কুশদেৱ অধিকাৰী গোঁসাই ভাগি গৈ
গোৱালপাৰাতে থাকে। তেওঁৰ জ্যেষ্ঠা কন্যা প্ৰসূতীক হলিৰাম
বৰুৱাই বিবাহ কৰালে। বিবাহৰ দিনা ৰাত্ৰি হোমৰ পূৰ্ণাহুতি
দিয়াৰ সময়ত তেওঁবিলাকৰ ভিতৰৰ ঘৰত অকস্মাৎ জুই লাগি
ঘৰ আৰু অনেক বস্তু দগ্ধ হল। চতুৰ্দোলা বা চৌদোল আৰু
বঙ্গালী তৱফাওৱালী বাই এই বিবাহলৈ অনা নহল। এই
নিমিত্তে হলিৰাম বৰুৱাই ৰণৰামৰ প্ৰতি কিঞ্চিৎ অসন্তোষ
প্ৰকাশ কৰিলে কিয়নো এই পৰ্য্যন্ত তেওঁৱেই অধ্যক্ষ আছিল।
তাৰ কিছুমান দিনৰ পাচত বেজবৰুৱাৰ ঘৰৰ লক্ষ্মীনাথৰ ভগিনীক
যজ্ঞৰাম বৰুৱাই বিবাহ কৰে। হলিৰাম বৰুৱাৰ বিবাহত যি
ত্ৰুটী হৈছিল সেইটি এই বিবাহত পূৰণ হল। বৰ সমাৰোহেৰে
বিবাহ-কাৰ্য্য সমাধা হল। তেনে বিবাহ সেই সময় পৰ্য্যন্ত
গোৱালপাৰাত হোৱা নাছিল। এই পৰ্য্যন্ত গোৱালপাৰা আৰু চন্দৰীয়াৰ প্ৰাচীন
লোক সকলে যজ্ঞৰাম
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
আনন্দৰাম ঢেকিয়াল