লাগিল। মাজীহঁতে বৰ শ্ৰম কৰিবলৈ ধৰিলে। এনেতে
হলিৰাম বৰুৱাৰ মাতৃয়ে তেওঁৰ হাতত পিন্ধ৷ সোণৰ আঙ্গঠি
এটা তামোল-পাণে সৈতে ব্ৰহ্মপুত্ৰত দি অনেক স্তুতি প্ৰাৰ্থনা
কৰিলে। তাৰ পাচতে নাও দ পানীলৈ যোৱাত ভটীয়াই
যোগীঘোপালৈ গল। হাদীৰাত বহু বস্তু ৰল আৰু অনেক বস্তু
হানি হল। গোৱালপাৰাত গোলাৰ এটি পকা কুঠী আছিল।
সেইটি পৰশুৰাম বৰুৱাৰ দিনতে নিৰ্ম্মিত হৈছিল। এতিয়া
য’ত কছাৰী আছে সেই কছাৰীৰ ঘাটক এতিয়াও সেইবাবে
কুঠীৰ ঘাট বোলে। সেই গোলাৰ আৰু আন আন বিষয়ৰ
যি কৰ্ত্তব্য কাৰ্য্য সেই বিষয়ে উপদেশ দি অল্প দিনৰ পাচতে
হলিৰাম বৰুৱা উৰু ভাটী ৰঙ্গপুৰ জিলাৰ অন্তৰ্গত চীলমাৰীলৈ
গল। চীলমাৰীত আমাৰ ৰজা আৰু বুঢ়াগোঁহাই আৰু আন
আন ডাঙ্গৰীয়া আৰু অনেক লোক ভাগি আছিল। এওঁবিলাক
গৈ তাতে থাকিল। তাতে কালীকান্ত চাহা আৰু ৰামকান্ত
চাহা নামে এঘৰ শাউ বা শুৰী জাতিৰ মানুহ আছিল। সিহঁতৰ
যোগীঘোপাত গোলা আছিল আৰু দুৱৰীয়াৰ ঘৰে সৈতে কাৰবাৰ
আছিল। সেই আপাহতে কালীকান্ত আৰু ৰামকান্ত চাহাহঁতে
এওঁবিলাকক বৰ যত্ন কৰিছিল। আমাৰ ভগনীয়া মানুহে চীলমাৰীৰ
লোকবিলাকৰ বাৰীত যি তেতেলী গছ আছিল তাৰে তেতেলী
পাৰি অনাত সিহঁতে কোৱাকুই কৰিছিল। “দিদি গো! আসামে
তেঁতুইল পাড়ে গো”—এই বুলি খেদি আহি আমাৰ ভগনীয়াসকলক
লক্ষ্য কৰি কদৰ্থনা কৰিছিল! চন্দ্ৰকান্ত ৰজাই কিছুমান সৈন্য
সংগ্ৰহ কৰি উজাই আহিল। গোৱালপাৰাত লেপ্তেনেণ্ট ডেবিডচন
চাহাবক ইয়াৰ পূৰ্ব্বেই ব্ৰিটীচ গবৰ্ণমেণ্টে সৈন্য সৈতে সীমা
ৰক্ষাৰ নিমিত্তে থৈছিল।
ইফালে মেং ইস্কাট চাহাবে অসম দেশৰ বিষয় গবৰ্ণমেণ্টলৈ জনোৱাত ব্ৰিটিচ সৈন্য এই দেশলৈ আহিব এনে উদ্যোগ হল। হলিৰাম বৰুৱা উৰুৱে ভাবিলে যে চীলমাৰীত থকাৰ কোনো ফল